গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ সভা: মালিক পক্ষৰ বিৰুদ্ধে সৰৱ কৰ্মচাৰী...

ভাৰতীয় চাহ মজদুৰ সংঘ, গোলাঘাট শাখাৰ উদ্যোগত সোমবাৰে জিলাখনৰ উষা চাহ বাগিচাত এখন প্রতিবাদী সভা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ সভা: মালিক পক্ষৰ বিৰুদ্ধে সৰৱ কৰ্মচাৰী...

ডিজিটেল সংবাদ, গোলাঘাট : ভাৰতীয় চাহ মজদুৰ সংঘ, গোলাঘাট শাখাৰ উদ্যোগত সোমবাৰে জিলাখনৰ উষা চাহ বাগিচাত এখন প্রতিবাদী সভা অনুষ্ঠিত হয়। সভাত মালিক পক্ষৰ দ্বাৰা শোষিত শ্রমিক সকলে বিভিন্ন দাবী সম্বলিত স্মাৰক প্রস্তুত কৰি চৰকাৰলৈ প্রেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Advertisment

প্রতিবাদী সভাখনত উপস্থিত থাকে ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সম্পাদক মুকেশ জাল আৰু কাৰ্যকৰী সভাপতি ভাৰত মণ্ডল। সভাপতি মুকেশ জালে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, উষা চাহ বাগিছাৰ মালিক পক্ষই বাগিছাখনৰ শ্ৰমিকসকলৰ মৌলিক সমস্যাসমূহ আওকাণ কৰি আহিছে।

সভাত বাগিছাখনৰ শ্ৰমিকসকলৰ জলন্ত সমস্যাসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় । লগতে সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বাগিছাখনিৰ মালিক পক্ষক বাধ্য কৰাবৰ বাবে গণতান্ত্ৰিক পদ্ধতিৰে আগবাঢ়ি যোৱাৰ পোষকতা কৰে।

Also Read: চিৰাঙত জিলা পৰ্যায়ত যুৱ উৎসৱ...

tea estate tea garden