চিৰাঙত জিলা পৰ্যায়ত যুৱ উৎসৱ...

ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ অংশগ্ৰহণ...

author-image
Asomiya Pratidin
New Update
চিৰাঙত জিলা পৰ্যায়ত যুৱ উৎসৱ...

ডিজিটেল সংবাদ, চিৰাং : ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ চিৰাঙৰ উদ্যোগত সোমবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত উপেন্দ্ৰ নাথ ব্ৰহ্ম চিনিয়ৰ ছেকণ্ডাৰী স্কুলৰ প্ৰাংগণত যুৱ উৎসৱ অনুষ্ঠিত হয় ৷ এই যুৱ উৎসৱৰ মুকলি সভাত মুখ্য অতিথিৰূপে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী উপস্থিত থাকে।

Advertisment

তেওঁৰ ভাষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যুৱ সমাজক নিজৰ প্ৰতিভা বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় ৷ চিৰাং নেহৰু যুৱ কেন্দ্ৰই জিলা পৰ্যায়ত আয়োজন কৰা এই যুৱ উৎসৱৰ পৰা ৰাজ্যিক পৰ্যায় আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত যুৱ সমাজৰ প্ৰতিভা সমূহ বিকাশৰ ব্যৱস্থা কৰিছে ৷ গতিকে জিলা পৰ্যায়ত নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হোৱা সকলো যুৱ প্ৰতিভাক শুভেচ্ছা জনাই ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে।

চৰকাৰে গ্ৰহণ কৰা এই প্ৰচেষ্টাই অনাগত দিনত মানৱ সম্পদ সৃষ্টিত সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে ৷ দেশত যুৱ সমাজক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা যুৱ উৎসৱে অনাগত দিনত দেশ শক্তিশালী হ'ব বুলিও তেওঁ মত প্ৰকাশ কৰে ৷ অনুষ্ঠানটোত চিৰাং জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী, নেহৰু যুৱ কেন্দ্ৰৰ চিৰাঙৰ উপ-সঞ্চালক আতোৱাৰ ৰহনান, উপেন্দ্ৰ নাথ ব্ৰহ্ম চিনিয়ৰ ছেকণ্ডাৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰণৱ বসুমতাৰী সহ কেইবাজনো অতিথিয়ে অংশ গ্ৰহণ কৰে ৷

উল্লেখ্য যে, কবিতা লিখা, পেইন্টিং, মোবাইল ফটোগ্ৰাফী, দলীয় নৃত্য আদিকে ধৰি পাঁচটা শাখাত অনুষ্ঠিত কৰা প্ৰতিযোগিতা সমূহত চাৰি শতাধিক যুৱ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণে কৰে ৷ অনুষ্ঠানৰ শেষত বিশিষ্ট অতিথি সকলে প্ৰতিযোগী সকলক মানপত্ৰ প্ৰদান কৰে ৷

Also Read: ঢকুৱাখনাত উত্তাল প্ৰতিবাদ: ন্যায় বিচাৰি হাহাকাৰ জনতাৰ...

chirang youth festival