চিকিৎসালয়ত তাণ্ডৱ চলাই জে'ললৈ ৩ যুৱক...

অৱশেষত কৰ্মৰ বাবে ফল ভুগিলে ঢকুৱাখনাৰ তিনি উদণ্ড যুৱকে।

author-image
Asomiya Pratidin
New Update
চিকিৎসালয়ত তাণ্ডৱ চলাই জে'ললৈ ৩ যুৱক...

ডিজিটেল সংবাদ, ঢকুৱাখনা : অৱশেষত কৰ্মৰ ফল ভুগিলে ঢকুৱাখনাৰ তিনি উদণ্ড যুৱকে। ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত তিনি যুৱক ক্ৰমে মুন চেতিয়া, জুন গগৈ, মাইনা গগৈয়ে শুকুৰবাৰে নিশা চিকিৎসালয়খনত প্ৰৱেশ কৰি কৰ্তব্যৰত চিকিৎসাকৰ্মী তথা স্বাস্থ্যকৰ্মীক গালি-গালাজ পৰাৰ লগতে ৰাজেন বৰা নামৰ এগৰাকী স্বাস্থ্যকৰ্মীক উপৰ্যুপৰি প্ৰহাৰ কৰে।

Advertisment

জৰুৰী সেৱা আগবঢ়োৱাত স্বাস্থ্যকৰ্মীসকলক বাধা প্ৰদান কৰি তাণ্ডৱ চলোৱা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই ঢকুৱাখনা সদৰ থানাত অৱগত কৰে। সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা, দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া দীনেশ মেধিসহ এটা আৰক্ষী বাহিনী গৈ উদণ্ড যুৱক কেইজনক আটক কৰি নিশাই থানালৈ নিয়ে।

এই সন্দৰ্ভত শনিবাৰে ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত এক গোচৰ (নং-৮৭ /২০২৩)ৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩৫২/৩৫৩/২৩৩/৩৪ ধাৰাত যুৱক তিনিজনক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছতেই ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই লখিমপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Also Read: ৰাজ্যৰ কংগ্রেছ নেতা-কৰ্মীলৈ বিশেষ নিৰ্দেশনা AICCৰ...

Assam police