বৰপথাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন...

বুধবাৰে এদিনীয়া কাৰ্যসূচীৰে বৰপথাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় এই অধিৱেশন..
বৰপথাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন...

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলাৰ বৰপথাৰত উদযাপন কৰা হয় জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ষষ্ঠতম্‌ দ্বি বাৰ্ষিক অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱস। বুধবাৰে এদিনীয়া কাৰ্যসূচীৰে বৰপথাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় এই অধিৱেশন।

অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে সভাপতি প্ৰফুল্ল চন্দ্ৰ শৰ্মাই আৰু স্মৃতি তৰ্পণ কৰে উপ-সভাপতি মাধৱ বুঢ়াগোহাঁইয়ে ৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা সধাৰণ সভা তথা বিষয়-বাচনি সভাত পৰৱৰ্তী কাৰ্যকালৰ বাবে পূৰ্বৰ সভাপতি, সম্পাদক ক্ৰমে প্ৰফুল্ল চন্দ্ৰ শৰ্মা আৰু ঘনকান্ত ভূঞাকে পুনৰ সভাপতি, সম্পাদক আৰু বুদ্ধিন ফুকনক কাৰ্যকৰি সভাপতি হিচাপে নিৰ্বাচিত কৰি ২৩ জনীয়া নতুন সমিতি গঠন কৰা হয়।

আনহাতে দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত মুকলি আৰু সম্বৰ্ধনা সভাৰ সভাপতিত্ব কৰে প্ৰফুল্ল চন্দ্ৰ শৰ্মাই আৰু সভাখন উদ্বোধন কৰে বুদ্ধিন ফুকনে ৷ সভাত সৰুপথাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি দুতিৰাম বৰা আৰু গোলাঘাট জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক প্ৰবীন শৰ্মা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই ৷ এই সভাতেই অঞ্চলটোৰ আশীঊৰ্দ্ধৰ ৩ গৰাকী জ্যেষ্ঠ নাগৰিক ক্ৰমে পূৰ্ণানন্দ গগৈ, বাসনা পাল আৰু বিনোদ বুঢ়াগোঁহাইক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় বুলি জানিবলৈ দিয়ে ৷

বৰপথাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন...
Top Education Boards in India: ভাৰতৰ মূল শিক্ষা পৰিষদসমূহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in