/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/372b5c66-c3eb-4858-89bd-13a8f8c27a74/1.jpg)
ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনস্থ পশ্চিম ঘিলাধাৰী সমবায় সমিতিৰ এজন এজেণ্টে দুখীয়া ৰাইজৰ চাউল আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উপভোক্তা ৰাইজৰ অভিযোগ অনুসৰি বালিজান পঞ্চায়তৰ ৮ নং ৱাৰ্ড চাৰিপুৰীয়াৰ এজেণ্ট মহেন বৰাই গ্ৰাহকসকলৰ ২০২২ চনৰ এটা কোটা আৰু ২০২৩ চনৰ মে' আৰু জুন মাহৰ ২টা কোটাসহ মুঠ ৩টা কোটাৰ চাউল আত্মসাৎ কৰি বিক্ৰী কৰে।
ইয়াকে লৈ ৰাইজে জিলা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগক অভিযোগ দিয়াত বিভাগে তেওঁৰ সমবায় সমিতিৰ দোকান নিলম্বন কৰি ৰাখে। কিন্তু ৰহস্যজনকভাৱে বিভাগে পুনৰ মহেন বৰাকেই এজেণ্ট হিচাপে গ্ৰাহকসকলক চৰকাৰী চাউল বিতৰণ কৰিবলৈ অনুমতি দিয়াত বৃহস্পতিবাৰে উপভোক্তা ৰাইজ খড়্গহস্ত হৈ পশ্চিম ঘিলাধাৰী সমবায় সমিতিৰ কাৰ্যালয়ত একগোট হৈ সমবায় সমিতিৰ বিষয়ববীয়াক জবাবদিহী কৰে।
সমবায় সমিতিৰ বিষয়া কৰ্মচাৰীৰ লগতে উৰ্ধতম কৰ্তৃপক্ষই দুখিয়া ৰাইজৰ চাউল আত্মসাৎ কৰা এজেণ্টজনকে পুনৰ চাউল বিতৰণ কৰিবলৈ দায়িত্ব দিয়া বিষয়টোত ৰাইজে প্ৰৱল আপত্তি দৰ্শাই আৰু ইয়াত কিবা ৰহস্য লুকাই থকা বুলিহে অভিযোগ উত্থাপন কৰিছে।
ইফালে দুখিয়া ৰাইজৰ ১ কেজি চাউলো আত্মসাৎ কৰা ব্যক্তিজনকো জেললৈ প্ৰেৰণ কৰিব বুলি মন্তব্য কৰি ৰাইজৰ পৰা প্ৰশংসা বুতলিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে তালৈহে ৰাইজে আশাৰে বাট চাই ৰৈছে।
Also Read: বন ধ্বংসৰ বুজ ল'বলৈ যোৱা এবছুৰ দল-সাংবাদিকক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ