মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল গোলাঘাট

মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল গোলাঘাট

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল গোলাঘাট

ডিজিটেল সংবাদ, গোলাঘাটঃ প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত শনিবাৰে গোলাঘাট নগৰৰ বাটা পইণ্টত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমৰ গোলাঘাট জিলা সমিতিয়ে। মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱাৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি গোলাঘাট নগৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু যোগানমন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সংগঠনটোৰ।

Advertisment

উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় যুটীয়া সম্পাদক মানৱ গগৈয়ে অংশগ্ৰহণ কৰি আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ ৰাজ্যচৰকাৰখনক সমালোচনা কৰি কয় যে- যোগানমন্ত্ৰী ৰঞ্জিত দাসৰ কাম নাই। মুখ্যমন্ত্ৰীৰ কথা উঠা-বহা কৰা মন্ত্ৰীগৰাকীয়ে বিভাগটো পৰিচালনা কৰাৰ সক্ষমতা নাই যাৰ বাবে প্ৰতিটো নিত্যব্যৱহাৰ্য সামগ্ৰীৰ অভাৱনীয়ভাৱে বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। যদিহে সাধাৰণ জনতাৰ সমস্যা দূৰ নকৰে তেন্তে ৰাজ্যজুৰি ইয়াতকৈ অধিক তীব্ৰতৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ম বুলি মন্তব্য কৰে কেন্দ্ৰীয় যুটীয়া সম্পাদক গৰাকীয়ে।

Also Read: আকস্মিক মৃত্যুক আঁকোৱালি ল'লে সমাজকৰ্মী বাবুল শইকীয়াই...

GOVT OF ASSAM