৩জনকৈ লোকক হত্যা কৰা নাজিবুৰৰ ফাঁচিৰ দাবীত প্ৰতিকূল বতৰকো নেওচি উত্তাল গোলাঘাট

৩জনকৈ লোকক হত্যা কৰা নাজিবুৰৰ ফাঁচিৰ দাবীত প্ৰতিকূল বতৰকো উত্তাল গোলাঘাট

author-image
Asomiya Pratidin
New Update
৩জনকৈ লোকক হত্যা কৰা নাজিবুৰৰ ফাঁচিৰ দাবীত প্ৰতিকূল বতৰকো নেওচি উত্তাল গোলাঘাট

ডিজিটেল সংবাদ, গোলাঘাটঃ ৰাজ্য কঁপাই যোৱা গোলাঘাটৰ হিন্দী স্কুল ৰোডৰ সঞ্জীৱ ঘোষ, পূৰ্ণিমা (জুনু) ঘোষ আৰু তেওঁলোকৰ কন্যা সংঘমিত্ৰা ঘোষৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু দোষীক ফাঁচি দিয়াৰ দাবীত বৃহস্পতিবাৰে দুই শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি চহৰখনৰ আকাশ-বতাহ কঁপাই তোলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগতে গোলাঘাটত উপস্থিত হৈ উক্ত নৃশংস হত্যাৰ বলি হোৱা লোক কেইজনৰ নিকট আত্মীয়ৰ ঘৰলৈ গৈ ঘটনাৰ বুজলৈ সমবেদনা জ্ঞাপন কৰি ওভতি যোৱাৰ পাছতে চহৰৰ সমন্বয় ক্ষেত্ৰত সচেতন নাগৰিক মঞ্চৰ নেতৃত্বত দুই শতাধিক ৰাইজ সমবেত হয়।

সেই স্থানৰ পৰাই ধাৰাষাৰ বৰষুণৰ মাজতে এক প্ৰতিবাদী সমদলেৰে চহৰখন পৰিভ্ৰমণ কৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত উপস্থিত হৈ ধৰ্ণা দিয়ে। প্ৰতিবাদকাৰীসকলে উক্ত ঘটনা লাভ জেহাদৰ পৰিণতি বুলি অভিহিত কৰি এই ঘটনাত কেৱল নাজিবুৰেই নহয় তেওঁৰ পৰিয়ালৰ অন্যান্য লোকো জড়িত আছে বুলি দাবী কৰি তেওঁলোককো তদন্তৰ আওতালৈ অনাৰ দাবী জনায়। লগতে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ক্ষীপ্ৰ বিচাৰ কৰি দোষীসকলক ফাঁচী দিয়াৰো দাবী সজোৰে উত্থাপন কৰে।

অন্যহাতে এই ঘটনাক সাধাৰণ পাৰিবাৰিক সংঘাতৰ পৰিণতি বুলি সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকে মন্তব্য কৰি ঘটনাটো লঘু কৰিবৰ বাবে প্ৰচেষ্টা চলাইছে বুলিও প্ৰতিবাদকাৰীৰ নেতৃত্বই অভিযোগ কৰে। সঞ্জীৱ ঘোষ আৰু জুনুঘোষৰ কন্যা তথা সংঘমিত্ৰাৰ ভগ্নী অংকিতা ঘোষৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈও প্ৰতিবাদকাৰীসকলে দাবী জনায়। প্ৰতিবাদকাৰীয়ে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

ইফালে মুখ্যমন্ত্ৰীয়ে গোলাঘাট এৰাৰ পাছতে আৰু ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতে গোলাঘাটৰ আৰক্ষীয়ে নাজিবুলৰৰ ভাতৃ হিজবুৰ ৰহমান আৰু তেওঁৰ মাতৃ ছালেহা বেগমক আটক কৰি থানালৈলৈ নিয়ে। বৰ্তমান দুয়োকে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। হিজবুৰক আত্মগোপন কৰি থকা অৱস্থাত যোৰহাট জিলাৰ ডেডেৰাপাৰৰ নকছাৰীৰ পৰা আৰক্ষীয়ে আটক কৰি অনা বুলি জনা গৈছে। অন্যহাতে জানিব পৰা মতে মৃত সঞ্জীৱ ঘোষ আৰু জুনু ঘোষৰ দ্বিতীয়া কন্যা অংকিতা ঘোষে পূৰ্বতে তৰা এটা গোচৰৰ ভিত্তিতে মাতৃ-পুত্ৰ দুয়োকে আটক কৰা হৈছে।

Also Read: পঞ্চম দিনাও শ-শ প্ৰতিবাদীয়ে কঁপালে নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰ

Assam police