/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/afa4394b-a28b-44ac-8f03-1c3969485bfe/Lurin.jpg)
ডিজিটেল সংবাদ, নামৰূপঃ সংসদত নামৰূপ সাৰ কাৰখানা বন্ধ হ'ব বুলি ঘোষণা কৰাৰ পিছত শনিবাৰৰ পৰা নামৰূপৰ লগতে অসমৰ বিভিন্ন ঠাইত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হয়। নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত বৃহস্পতিবাৰে পঞ্চম দিনৰ দিনাও অসম জাতীয় পৰিষদৰ উদ্যোগত বিভিন্ন সংগঠনৰ প্ৰতিনিধি, বি ভি এফ চি এলৰ ক্ৰমে ফাৰটিলাইজাৰ শ্ৰমিক ইউনিয়, ফাৰটিলাইজাৰ ওৱৰকাৰ্ছ ইউনিয়ন, ফাৰটিলাইজাৰ ইনদিপেণ্ডেঞ্চ ইউনিয়নৰ বিষয়ববীয়া সমবেত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ উজাৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে সাৰ কাৰখানা বন্ধ কৰাৰ ঘোষণা হোৱাৰ পিছত নামৰূপৰ লগতে অসমৰ বিভিন্ন ঠাইত ক্ষুব্ধ ৰাইজে প্ৰতিবাদ, ধৰ্ণা, সত্যাগ্ৰহৰ মাধ্যমেৰে যি অবৰ্ণনীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাৰ ফলশ্ৰুতিত আন্দোলন স্তিমিত কৰিবলৈহে বুধবাৰে কেন্দ্ৰীয় সাৰ মন্ত্ৰীজনে ভিডিঅ' যোগে উদ্যোগটো বন্ধ নোহোৱাৰ ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনৰ মুখমণ্ডলত এই কথা স্পষ্ট ৰূপত প্ৰকাশ পাইছে বুলি উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে, কেন্দ্ৰই সদাই উত্তৰ-পূৰ্বাঞ্চলক মাহী আইৰ দৃষ্টিৰে চাই আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6329b881-8afa-4f16-8730-f8bd08f9aa57/6d6068c6_762e_427f_972a_40bb5d80bee6.jpg)
তাৰ উদাহৰণস্বৰূপে কেন্দ্ৰীয় চৰকাৰে দেশত বন্ধ হৈ থকা সাৰ উদ্যোগ বাৰাউনি, সিন্দ্ৰী, ৰামাকুণ্ডম আদি উদ্যোগসমূহত অন্য লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগক মোডী চৰকাৰে ৰঙা চকু দেখুৱাই বিনিয়োগ কৰিবলৈ বাধ্য কৰালে। ফলত বন গজি থকা উদ্যোগ কেইটা পুনৰুজীৱিত হৈ আজি উৎপাদনক্ষম হৈ উঠিল। ইয়াৰ বিপৰীতে অসমৰ ক্ষেত্ৰত চলি থকা উদ্যোগটো বন্ধ কৰিবলৈ চৰকাৰ উঠি পৰি লাগিছে বুলি মন্তব্য কৰে।
সেয়ে কেন্দ্ৰৰ চলাহী কথাত ভোল নাযাবলৈ আহ্বান জনায় ৰাইজক। চৰকাৰে নেন' ইউৰীয়া উৎপাদন প্রকল্প স্থাপন কৰাৰ কথা কৈ অসমৰ মানুহক মূৰ্খ সজাইছে বুলি উল্লেখ কৰি সভাপতি গৰাকীয়ে কয় যে, নেন ইউৰীয়াৰ দৰে পুতলা প্ৰকল্প এটাত মাত্ৰ ৫০-৬০গৰাকী শ্ৰমিক কৰ্মচাৰী নিয়োগ হ'ব। ইয়াৰ দ্বাৰা চৰকাৰে কৰ্মচাৰীসকলক গিনিপিগ সজাবলৈ ওলাইছে বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8f5fdee2-2faa-41b7-9372-1dc445055cd2/1d09683f_5f46_4a62_8d4f_ec475d3a6db4.jpg)
ইফালে প্ৰতিবাদথলিত শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক ধ্ৰুৱ শইকীয়াই সাৰ কাৰখানাৰ ২০২২ চনৰ ২৬ মাৰ্চৰ বৃহৎ সাৰ চুৰি কাণ্ডৰ বিষয়ে উল্লেখ কৰি কয় যে, ইউনিয়নে হাতে-লুটে ধৰি দিয়াৰ পিছতো মেনেজমেণ্টে বিষয়টো তদন্ত কৰাৰ আশ্বাস দি গাপ দিবলৈ চেষ্টা কৰাটোয়ে মেনেজমেণ্ট সন্দেহৰ আওতাত সোমাই পৰিছে। লগতে তেওঁ কয় যে, বিগত বছৰৰ পৰা নামৰূপ সাৰ কাৰখানাৰ উৎপাদন বৃদ্ধি হোৱা বুলি যি প্ৰচাৰ চলিছে আচল অৰ্থত ইউনিয়নে সাৰ চুৰিকাৰ্য হাতে-লুটে ধৰাৰ পিছত বৰ্তমান চুৰি কাৰ্য বন্ধ হোৱাৰ বাবেহে উৎপাদন বৃদ্ধি দেখা গৈছে বুলি মেনেজমেণ্টক প্ৰত্যাহ্বান জনায়।
প্ৰতিবাদ থলীত উপ-সভাপতি অনুপ ফুকন, ইজৰাইল নন্দ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, সম্পাদক মাণিক গগৈ তিনিচুকীয়া জিলা ডিব্ৰুগড় জিলা চৰাইদেও জিলাৰ সভাপতি সম্পাদক, নামৰূপ আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, গ্ৰাম্য উন্নয়ন সংঘ, মহিলা সমিতি আদি বিষয়ববীয়া উপস্থিত থাকে।
Also Read: জ্যেষ্ঠ নাগৰিক-দিব্যাংগ-নিচামুক্তি কেন্দ্ৰৰ সৈতে মন্ত্ৰী পিযুষ হাজৰিকাৰ বৈঠক