/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b98987c5-3939-4688-bcdc-5b5c92db4728/yj.jpg)
ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলাৰ সেন্দুৰিটিঙত মঙলবাৰে আটছাই বিদ্যুত বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সঘনাই বিদ্যুত কৰ্তনত অতিষ্ঠ হৈ আটছাৰ কৰ্মকৰ্তা সকল ৰাজপথলৈ ওলাই আহি শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ৰাইজে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰি শক্তি বিভাগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ।
আটছাৰ নেতৃত্বই ক্ষোভেৰে কয় যে ২৪ ঘন্টা বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে বৰ্তমান গ্ৰামাঞ্চলৰ ৰাইজক দিছে দিনে ২/৩ ঘন্টাকৈ বিদ্যুত যোগান । যাৰ ফলত যথেষ্ট সমস্যা ৰাইজে ভাবিব নোৱাৰে সমস্যাৰ সমুখীন হৈছে । প্ৰতিবাদী জনতাই শক্তিমন্ত্ৰী হায় হায়, নন্দিতা গাৰ্লোচা গ’ বেক,লোড চেডিং বন্ধ কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
Also Read: গৰমে ভংগ কৰিছে ৰেকৰ্ড! আগন্তুক ৪-৫ দিন বৃদ্ধি পাব তাপমান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us