/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/123ae957-aa3f-491f-85b3-393e24063937/golaghat.jpg)
প্ৰতিবাদ
ডিজিটেল সংবাদ, নুমলীগড়ঃ আধাৰশিলাৰে ৰাইজক আভুৱা ভাৰা বোকাখাতৰ বিধায়ক-ৰাজ্যৰ কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে সোমবাৰে পুনৰ তেওঁৰ নিজা সমষ্টিৰে শ শ জনতা ওলাই আহিল ৰাজপথলৈ ৷ যোৱা মাহৰ জুনত এটা উপ-পথৰ আধাৰশিলা স্থাপন কৰিবলৈ নিজা সমষ্টি বোকাখাতৰ দুসুঁতিমুখ পঞ্চায়তৰ এলেকাত উপস্থিত হোৱা মন্ত্ৰী অতুল বৰাক ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীতে আধাৰশিলা স্থাপন কৰা মূল পথৰ নিমাৰ্ণ কিয় আজি পৰ্যন্ত কৰা নহ’ল বুলি একাংশ সচেতন লোকে প্ৰশ্ন উত্থাপন কৰিছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d15c16d1-57a7-4268-a07e-639e365762ca/d66def8e_ff5e_461b_b10f_59282a05ef71.jpg)
কিন্তু, মন্ত্ৰীগৰাকীয়ে ৰাইজক বুজনি দিয়াৰ পৰিৱৰ্তে বিষয়টোৰ পৰা ফালৰি কাটি এক প্ৰকাৰ খণ্ডযুদ্ধত লিপ্ত হয় ৷ ইয়াৰ পৰিণতি স্বৰূপে স্থানীয় ৰাইজ তথা মহিলা সমাজে ‘অতুল বৰা মুদাৰ্বাদ’ ধ্বনি দিয়াৰ লগতে কৃষিমন্ত্ৰীগৰাকীয়ে দুবছৰৰ পূৰ্বেই আধাৰশিলা স্থাপন কৰা পথটোত এই পৰ্যন্ত এচপৰা শিলো নপৰাক কেন্দ্ৰ কৰি কৃষিমন্ত্ৰী গৰাকীক সকলোৱে ধিক্কাৰ জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/68b3640b-3752-428e-97a8-e022b8408574/7c76e2d7_c022_4f3f_9883_3eb34c7e9fef.jpg)
ইপিনে, কৃষিমন্ত্ৰীগৰাকীৰ নিৰ্দেশত নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰশ্ন উত্থাপন কৰা ৮ জনকৈ লোকৰ ওপৰত লোক নিমাৰ্ণ বিভাগৰ তৰফৰ পৰা দেৰগাঁও আৰক্ষী থানাত গোচৰ দিয়া হয় ৷ ইয়াৰ পিছৰে পৰা নিতৌ ন ন চৰ্চা-প্ৰতিক্ৰিয়া সূত্ৰপাত হোৱা দেখিবলৈ পোৱা যায় ৷ লগতে কোনো অসৎ প্ৰকৃতিৰ লোকে সাংবাদিক তথা সংগঠনৰ নেতাক হত্যাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2a24cdb2-a07b-468d-a805-25aad7ba792e/cd586dae_a358_4341_9235_a2555ec0015b.jpg)
এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ তদুপৰি, মন্ত্ৰী গৰাকীয়ে নিজেও প্ৰথম অৱস্থাত একাংশ কংগ্ৰেছীয়ে ৰাজনৈতিক কাৰণত এই অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা বুলি সংবাদমেলযোগে ঘোষণা কৰে ৷ লগতে কালি পুনৰ যোৰহাটৰ এখন দলীয় সভাত অংশ লৈ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী বৰাই একাংশ লোকে কিবা খাই আহি ঘটনাটোৰ সৃষ্টি কৰা বুলি মন্তব্য প্ৰকাশ কৰে ৷
কিন্তু, কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি গৰাকীৰ এই মন্তব্যক সহজভাৱে ল’ব পৰা নাই সমস্যাজৰ্জৰ নৈপৰীয়া ৰাইজে ৷ অতুল বৰাই আওপকীয়াকৈ ৰাইজক মদ্যপান কৰি অহা বুলি তাচ্চিল্য কৰাৰ অভিযোগ তুলি প্ৰতিবাদ মুখৰ হৈ পৰে ৰাইজ ৷ একেদৰে, আজি উপস্থিত শ শ ৰাইজে কোনো কাৰণতে কংগ্ৰেছীৰ প্ৰৰোচনা তথা মদ্যপান কৰি সেইদিনা প্ৰশ্ন কৰা নাছিল বুলি স্পষ্ট কৰি দিয়ে ৷
এশ এবুৰি সমস্যাৰে জৰ্জৰিত এলেকাৰ ৰাইজে মন্ত্ৰীগৰাকীক নিজৰ সমস্যাৰ সমাধান বিচৰাটো অপৰাধ নেকি বুলিও প্ৰশ্ন কৰে ৷ আজি দেৱীথানৰ সমীপত দ অঞ্চলৰ শ শ পুৰুষ-মহিলাই একত্ৰিত হৈ দেৱীথানৰ পৰা পাথৰি হৈ দুসুঁতিমুখ চাৰিআলিলৈকে প্ৰায় ৪-৫ কিলোমিটাৰ পথত বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে ৷
এই সময়ছোৱাত প্ৰতিবাদী জনতাই ‘আমাক ৰাস্তা লাগিবই’, ‘ ৮ জনৰ ওপৰত জাপি দিয়া ভুৱা গোচৰ বিনাচৰ্তে প্ৰত্যাহাৰ কৰিব লাগিবই’, ‘ইনক্লাব জিন্দাবাদ’কে আদি কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ আনহাতে, প্ৰতিবাদকাৰীসকলে আজি ৰঙাগড়া-গেলাবিলৰ দলঙৰ কাষত শৃংখলিতভাৱে ৰাইজৰ জয়ধ্বনিৰে গামোচাৰ পতাকাসহ দ অঞ্চললৈ কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰৱেশ নিষিদ্ধ কৰা তোৰণৰ লাইখুঁটা স্থাপন কৰে ৷
এইক্ষেত্ৰত, প্ৰতিবাদকাৰীসকলে আজি দেৰগাঁও থানালৈ কেইবাখনো টেক্টৰেৰে গৈ শেষবাৰৰ বাবে ‘ষ্টেটমেণ্ট’ প্ৰদান কৰে ৷ ইয়াৰ পিছত আৰু কোনো কাৰণতে গোচৰক কেন্দ্ৰ কৰি থানালৈ নাযায় বুলিও স্পষ্ট কৰি দিয়ে ৷ ৰাইজৰ সমস্যাক লৈ মাত-মতাৰ গণতান্ত্ৰিক অধিকাৰকনো এই মিত্ৰজোঁটৰ চৰকাৰখনে ৰাইজৰ পৰা কাঢ়ি ল’ব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ৷
আজি প্ৰতিবাদী জনতাই ছহিদ কমলা মিৰিৰ জন্মস্থানত উন্নয়ন একেবাৰে নাই হোৱা বুলি উল্লেখ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক ভেঙুচালী কৰাৰ অভিযোগ কৰে ৷ তেওঁলোকে কয় যে, কৃষিমন্ত্ৰীগৰাকীয়ে এবাৰ কংগ্ৰেছী বুলি কয়, এবাৰ মদাহী বুলি বোকাখাত সমষ্টিৰ দুসুঁতিমুখ পঞ্চায়তৰ জনসাধাৰণক তুচ্চ-তাচ্চিল্য কৰে ৷ কিন্তু, এই মদাহীসকলেই ভোট দি তেওঁক মন্ত্ৰী বনোৱা নাছিল জানো বুলিও প্ৰশ্ন কৰে ৷
তদুপৰি, কিবা খাই আহি তেওঁলোকে তেনেকোৱা কৰিছে বুলি ক’বলৈ মন্ত্ৰী গৰাকীৰ বুকু অলপমানো কঁপা নাছিলনে বুলিও প্ৰশ্ন কৰে ৷ লগতে ইয়াৰ প্ৰত্যুত্তৰ সময়ৰ কাৰণে থৈছে বুলিও ৰাইজে ক্ষোভেৰে প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে দেৰগাঁও থানাত বৰ্তমান শ শ ৰাইজ উপস্থিত হৈ ‘আমাক সকলোকে জেলত ভৰাই দিয়ক অন্যথা গোচৰ প্ৰত্যাহাৰ কৰক’ বুলি আৰক্ষী থানাত অৱস্থান ধৰ্মঘটত বহে ।
Also Read: ভাল খবৰঃ সুখ্যাতিৰে উত্তীৰ্ণ দৰিদ্ৰ ছাত্ৰই পালে আৰ্থিক সাহাৰ্য্য...