/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/050a954a-6bf7-469e-a119-85da00301201/NEW_LIFE.jpg)
ডিজিটেল সংবাদ, চাবুৱাঃ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত দৰিদ্ৰতা যে কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱাইছিল চাবুৱাৰ গড়াখহনীয়া বিধস্ত ৰহমৰীয়াৰ এজন দৰিদ্ৰ ছাত্ৰই । সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ ফলাফলত ৰহমৰীয়া হাঁহৰিয়াল গাঁৱৰ কৰুনাজ্যোতি কোঁচে ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৫ টা বিষয়ত লেটাৰ মাৰ্কচ সহ ৮০.৮ শতাংশ নম্বৰেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল ।
দৰিদ্ৰ পৰিয়ালৰ মৃদুল কোঁচ আৰু দীপাঞ্জলি কোঁচৰ পুত্ৰ কৰুনাই ৮০.৮ শতাংশ নম্বৰ লাভ কৰি পৰিয়ালটিৰ লগতে সমগ্ৰ ৰহমৰীয়া অঞ্চলটোকে গৌৰৱান্বিত কৰি তুলিছিল । উল্লেখ্য যে দিন হাজিৰা কৰা দেউতাকে আৰ্থিক অনাটনৰ মাজত থাকি ঘৰখন পোহপাল দিব লগা হৈছিল ফলত পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল ।
যাৰ বাবে কৰুনাক টিউচন দিয়াব নোৱাৰিছিল, অতি দুৰ্ভাগ্যজনকভাৱে এখন ভঙা , জৰাজীৰ্ণ টেবুলত পঢ়িয়েই কৰুনাই পৰীক্ষা দিব লগা হৈছিল । অস্থায়ীভাৱে দিনহাজিৰা কৰা দেউতাকে ঘৰখন পোহপাল দিয়াত অসমৰ্থ হৈছিল, ফলত দেউতাকৰ দুখ কষ্ট সহ্য কৰিব নোৱাৰি কৰুনাজ্যোতিয়ে নিজ কনিষ্ঠ ভাতৃ ৰবিনাশৰ (সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ) সৈতে একান্ত অনিচ্ছা স্বত্বেও দিন হাজিৰা কৰিবলৈ ওলাই গৈছিল ।
কেতিয়াবা ৰাজমিস্ত্ৰীৰ লগত যোগালি (সহায়কাৰী) আৰু কেতিয়াবা মালবাহী ট্ৰাকৰ সহায়কাৰী হিচাপে, যাৰ বাবে কেতিয়াবা সপ্তাহত দুই তিনি দিন বিদ্যালয়লৈ যাব নোৱাৰিছিল ইমান কন্টকাকীৰ্ণ জীৱন সংগ্ৰামৰ মাজতো কৰুনাৰ এই সাফল্যই দৰিদ্ৰ পৰিয়ালটিৰ লগতে সমগ্ৰ ৰহমৰীয়া বাসীক উৎফুল্লিত কৰি তুলিছিল । কিন্তু পৰৱৰ্তী উচ্চ শিক্ষা গ্ৰহনৰ ক্ষেত্ৰত আৰ্থিক অনাটনৰ বাবে দৰিদ্ৰ পৰিয়ালটি চিন্তিত হৈ পৰিছিল ।
এই কৰুণ জীৱন গাঁথাৰ কাহিনীৰ বাতৰি অসমীয়া প্ৰতিদিনত সবিস্তাৰে সম্প্ৰচাৰ হৈছিল, তাৰ পিছতে এতিয়া দৰিদ্ৰ পৰিয়ালটিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে একাধিক জনদৰদী ব্যক্তি, অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি যুগল বৰুৱাই ৰবিনাশ কোঁচক দুটা বৰ্ষ পঢ়ুওৱা ৰ সকলো দায়িত্ব গ্রহণ কৰিছে ।
তাৰোপৰি তেওঁৰ ভাতৃ কৰুনা জ্যোতি আৰু আন এজন দৰিদ্ৰ ছাত্র পল্লৱজ্যোতি কোঁচক আৰ্থিক সাহাৰ্য্যৰ লগতে মহাবিদ্যালয় লৈ অহাযোৱা কৰিবলৈ একোখনকৈ নতুন চাইকেল প্ৰদান কৰে । চাইকেল প্ৰদানৰ ক্ষেত্ৰত যুগল বৰুৱাক আৰ্থিক ভাৱে সহযোগ কৰে চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ গগৈয়ে । এই শুভ চিন্তাৰ বাবে এতিয়া সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈছে এই দুয়োজন মানৱদৰদী ব্যক্তি ।
Also Read: বিজেপি নেত্ৰীক ধৰ্ষণ কৰি হত্যা ! নিশা পেলাই থৈ গ'ল ৰাজপথত...