পৌৰ কৰ বৃদ্ধিৰ অধিসূচনা প্ৰত্যাহাৰ গোলাঘাট পৌৰসভাৰ...

পৌৰ কৰ বৃদ্ধিৰ অধিসূচনা প্ৰত্যাহাৰ গোলাঘাট পৌৰসভাৰ...

ডিজিটেল সংবাদ, গোলাঘাট: পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱৰ বিৰুদ্ধে গোলাঘাটত সৃষ্টি হোৱা প্ৰৱল জনমতৰ ওচৰত অৱশেষত সেও মানিলে গোলাঘাট পৌৰসভাই। আজি গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰাই এক প্ৰেছবিবৃতি যোগে জনায় যে, গোলাঘাট পৌৰসভাই ৰাইজৰ মতামতৰ প্ৰতি শ্ৰদ্ধা জনাই ইতিমধ্যে নতুন মূল্যাঙ্কনৰ জৰিয়তে যি পৌৰকৰ বৰ্দ্ধিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল সেই প্ৰস্তাৱ প্ৰত্যাহাৰৰ লগতে গোলাঘাট পৌৰ সভাৰ কাৰ্য্যালয়য়ে যোৱা ২২-০২-২০২৩ তাৰিখে জাৰি কৰা GMB.2023/4502 নম্বৰৰ অধিসূচনাখন বাতিল কৰা হৈছে।

প্ৰেছ বিজ্ঞপ্তিটোত লগতে কোৱা হয় যে, গোলাঘাট পৌৰসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে, পৌৰআইনৰ ৮৫ নং ধাৰা মতে প্রত্যেক পাঁচবছৰৰ মূৰে মূৰে পৌৰকৰ বৃদ্ধি কৰাটো যিহেতু বাধ্যতামূলক, সেয়েহে গোলাঘাট পৌৰসভাই বৰ্ত্তমান যি নিৰিখত কৰদাতাসকলে পৌৰকৰ দি আছে তাৰ ওপৰতে পৌৰকৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ৰাইজৰ প্ৰতিনিধিসকলক লৈ এখন নাগৰিক সভা অহা এপ্ৰিলৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত কৰা হ’ব বুলিও প্ৰেছ বিবৃতিটোত জনোৱা হৈছে।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহত এক অধিসূচনা যোগে পৌৰসভাই কৰ বৃদ্ধি কৰাৰ কথা সদৰি কৰাৰ পাছতে গোলাঘাটৰ নাগৰিক সমাজ প্ৰতিবাদ মুখৰ হৈ পৰিছিল।কোনোপধ্যেই বৰ্ধিত পৌৰকৰ পৰিশোধ কৰা নহ'ব বুলি পৌৰসভা আৰু জিলা প্ৰশাসনক দাবী জনোৱাৰ পাছতেই পৌৰসভাই বিষয়টোৰ ক্ষেত্ৰত এনে নমনীয় সিদ্ধান্ত গ্ৰহণ কৰে।

পৌৰ কৰ বৃদ্ধিৰ অধিসূচনা প্ৰত্যাহাৰ গোলাঘাট পৌৰসভাৰ...
মেগাষ্টাৰ ৰজনীকান্ত আৰু এটা ক্ৰিকেট ষ্টেডিয়াম...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in