কমাৰবন্ধাত আৰক্ষী বিষয়াক কুঠাৰেৰে আক্ৰমণ...

কমাৰবন্ধাত আৰক্ষী বিষয়াক কুঠাৰেৰে আক্ৰমণ...

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ কমাৰবন্ধাত শুকুৰবাৰে নিশা গাঞ্জা ধৰিবলৈ যোৱা এটা আৰক্ষী দলৰ ওপৰত গাঞ্জা ব্যৱসায়ীয়ে আক্ৰমণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি মতে, কমাৰবন্ধা ৰাইডঙীয়া গাঁৱত নিশা ৮ মান বজাত এক গোপন সূত্ৰৰ পম খেদি কমাৰবন্ধা আৰক্ষী চকীৰ এটা আৰক্ষী দলে প্ৰতাব শইকীয়াৰ বাসগৃহত অভিযান চলায়।

কমাৰবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চয়নিকা বৰকটকীৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে অভিযান চলোৱাৰ সময়তে গাঞ্জা ব্যৱসায়ী প্ৰতাব শইকীয়া (৬৮) আৰু তেওঁৰ পত্নীয়ে এখন কুঠাৰ তথা বাচন-বৰ্তনেৰে আক্ৰমণ কৰে আৰক্ষীৰ দলটোক। এই আক্ৰমণত আৰক্ষী বিষয়া চয়নিকা বৰকটকী আঘাত প্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

বিষয়া গৰাকীয়ে জনোৱা মতে শৰীৰৰ দুটা স্থানত আঘাত পাইছে। ইফালে নিশাই আৰক্ষীয়ে আক্ৰমণকাৰী তথা গাঞ্জা ব্যৱসায়ী প্ৰতাব শইকীয়াক আটক কৰাৰ লগতে কুঠাৰখন জব্দ কৰে। উল্লখ্য যে, অভিযুক্ত প্ৰতাব শইকীয়াই সাংবাদিকক জানিব দিয়া অনুসৰি তেওঁ আৰক্ষীক আক্ৰমণ কৰা নাই।

কমাৰবন্ধাত আৰক্ষী বিষয়াক কুঠাৰেৰে আক্ৰমণ...
ভূমিস্খলনঃ পথতেই আবদ্ধ শ শ যাত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in