গোলাঘাটত কৃষিক্ষেত্ৰত গেছ পৰিবাহী পাইপ স্থাপন

গোলাঘাটত কৃষিক্ষেত্ৰত গেছ পৰিবাহী পাইপ স্থাপন

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ কৃষকৰ কৃষিভূমিত গেছ পৰিবাহী পাইপ স্থাপনৰ কাৰণে এক্সেভেটৰে মাটি খন্দাক লৈ গোলাঘাটৰ আঠখেলীয়া বাৰীচোৱা গাঁৱত এক উতপ্ত পৰিস্থিতি সৃষ্টি হয়৷ গাঁওখনৰ ভালেকেইজন কৃষকে বৰ্তমানলৈকে ক্ষতিপূৰণ লাভ নকৰা লগতে ইন্দ্ৰধনু গেছ গিট লিমিটেড নামৰ কোম্পানীটোৱে জাননী নিদিয়াকৈ কৃষকৰ মাটিত বলপূৰ্ৱকভাৱে কাম কৰিবলৈ চেষ্টা কৰা বুলি কৃষকসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷

দেওবাৰে বিয়লি সংশ্লিষ্ট কোম্পানীটোৱে আৰক্ষী-চিআৰপিএফ মোতায়েন কৰি তেঁওলোকৰ মাটিত খনন কাৰ্য চলোৱাত কৃষক আৰু নিৰাপত্তাৰক্ষীৰ মাজত হতাহতি সৃষ্টি হোৱাত এক উতপ্ত পৰিস্থিতি সৃষ্টি হয়।

গোলাঘাটত কৃষিক্ষেত্ৰত গেছ পৰিবাহী পাইপ স্থাপন
আৰক্ষীৰ জিম্মাত গহপুৰৰ নিৰ্মলা চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in