গোলাঘাটৰ অফলাত কামান বংশৰ কেন্দ্ৰীয় অনুষ্ঠান

গোলাঘাটৰ অফলাত কামান বংশৰ কেন্দ্ৰীয় অনুষ্ঠান

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ ১ নং অফলা গাঁৱত অনুষ্ঠিত হৈছে মিছিংসকলৰ কমান বংশৰ কেন্দ্ৰীয় অনুষ্ঠান। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কমান বংশৰ লোক সকল । সদৌ কমান অপৃন কৌবানৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আলোচনা কৰিছে বিভিন্ন সমস্যাৰ ।

স্মৃতিগ্ৰন্থ উন্মোচনৰ পৰা গুমৰাগ নৃত্য প্ৰদৰ্শনলৈকে যথেষ্ট আকৰ্ষণীয় হৈ পৰে এই অনুষ্ঠানটো। ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰতিনিধি সকলে বিভিন্ন প্ৰস্তাৱ আগবঢ়াই গ্ৰহণ কৰে কেইবাটাও কৰ্ম আঁচনি । শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো প্ৰান্তৰ পৰা অহা কমান সকলে অনুষ্ঠানত অংশ লৈ আনন্দিত হৈ পৰিছে ।

গোলাঘাটৰ অফলাত কামান বংশৰ কেন্দ্ৰীয় অনুষ্ঠান
লিভ-ইন সম্পৰ্ক কৰিব লাগিব পঞ্জীয়ন, বিচ্ছেদ হ'লে লাগিব কাৰণ, মহিলা যাব পাৰিব আদালতলৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in