লিভ-ইন সম্পৰ্ক কৰিব লাগিব পঞ্জীয়ন, বিচ্ছেদ হ'লে লাগিব কাৰণ, মহিলা যাব পাৰিব আদালতলৈ

লিভ-ইন সম্পৰ্ক কৰিব লাগিব পঞ্জীয়ন, বিচ্ছেদ হ'লে লাগিব কাৰণ, মহিলা যাব পাৰিব আদালতলৈ

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত উত্থাপন হৈছে ইউনিফৰ্ম চিভিল কোড বিধেয়ক। এই বিধেয়কখনৰ অধীনত লিভ-ইন সম্পৰ্কত থকা লোকসকলৰ বাবেও আছে বিশেষ নিয়ম। লিভ-ইন সম্পৰ্কত থকাসকল বা লিভ-ইনৰ বাবে পৰিকল্পনা কৰি থকাসকলে জিলা কৰ্তৃপক্ষৰ ওচৰলৈ গৈ পঞ্জীয়ন কৰিব লাগিব।

যদি বিধেয়কখন আইনত পৰিণতি হয় তেন্তে ৰাজ্য়খনত লিভ-ইন সম্পৰ্কৰ বাবে পঞ্জীয়ন হ'ব বাধ্যতামূলক। কেৱল ইমানেই নহয়, ২১ বছৰতকৈ কম বয়সৰ ল'ৰা-ছোৱালীসকলৰ বাবে পিতৃ-মাতৃৰ সমৰ্থন আৱশ্যক হ'ব। লগতে বিধায়কখনত কোৱা হৈছে যে যদিহে কোনো লোক উত্তৰাখণ্ডৰ বাসিন্দা নহয় কিন্তু উত্তৰাখণ্ডত লিভ-ইন সম্পৰ্কত আছে তেতিয়াও পঞ্জীয়ন কৰিব লাগিব।

বিধেয়কখনে লগতে প্ৰস্তাৱ দিছে যে "নৈতিকতাৰ বিৰোধী" ক্ষেত্ৰত লিভ-ইন সম্পৰ্ক পঞ্জীয়ন কৰা নহ'ব। যদি এজন সঙ্গী বিবাহিত বা আন এটা সম্পৰ্কত থাকে, যদি এজন সঙ্গী নাবালক হয়, দুয়োৰে মাজত যদি পাৰিবাৰিক সম্পৰ্ক থাকে তেন্তে পঞ্জীয়ন নহয়।

আইনত পৰিণত হোৱাৰ পাছত ইউনিয়ন চিভিল কোড প্ৰযোজ্য হোৱা দেশৰ প্ৰথমখন ৰাজ্যত পৰিণত হ'ব উত্তৰাখণ্ড। গোৱাত পৰ্তুগালৰ শাসনৰ সময়ত প্ৰযোজ্য আছিল এই নিয়ম।

পঞ্জীয়নৰ পাছত সম্পৰ্কৰ বৈধতাও পৰীক্ষা কৰা হ'ব। যদি কৰ্তৃপক্ষই লিভ-ইনৰ অনুমতি নিদিয়ে তেন্তে তাৰ কাৰণ লিখিতভাৱে জনাব লাগিব।

পঞ্জীভুক্ত লিভ-ইন সম্পৰ্ক 'শেষ' কৰাটোও সহজ নহ'ব। ইয়াৰ বাবে এক লিখিত বিবৃতি দাখিল কৰিব লাগিব। যদি পঞ্জীয়কে অনুভৱ কৰে যে সম্পৰ্কটো শেষ কৰাৰ কাৰণবোৰ "মিছা" বা "সন্দেহজনক" তেন্তে ইয়াৰ তদন্তও হ'ব পাৰে। ২১ বছৰৰ তলৰ যুৱক-যুৱতীসকলৰ অভিভাৱক বা অভিভাৱকসকলকো এই বিষয়ে অৱগত কৰা হ'ব।

লিভ-ইন সম্পৰ্ক থাকিবলৈ বিচৰাসকলে ভুল তথ্য দিলে সমস্যাতো পৰিব পাৰে। মিছা তথ্য প্ৰদান কৰিলে তিনি মাহলৈকে কাৰাবাস আৰু ২৫ হাজাৰ টকাৰ জৰিমণা হ'ব পাৰে। লিভ-ইন সম্পৰ্ক পঞ্জীয়ন নকৰিলে সৰ্বাধিক ছয় মাহ কাৰাবাস আৰু ২৫,০০০ টকাৰ জৰিমণা হ'ব পাৰে। পঞ্জীয়নৰ এমাহ পলম হ'লেও ৩ মাহলৈ কাৰাবাস আৰু ১০ হাজাৰ টকাৰ জৰিমণা হ'ব পাৰে।

তদুপৰি লিভ-ইনৰ সম্পৰ্কত থকাৰ সময়ত যদি সন্তান জন্ম হয় তেন্তে বৈধ বুলি ধৰা হ'ব। লগতে সম্পৰ্ৰ ভাঙিলে যুৱতীগৰাকী আদালতলৈ যাব পাৰিব আৰু প্ৰাপ্য বিচাৰিব পাৰিব।

লিভ-ইন সম্পৰ্ক কৰিব লাগিব পঞ্জীয়ন, বিচ্ছেদ হ'লে লাগিব কাৰণ, মহিলা যাব পাৰিব আদালতলৈ
এক দেশ এক আইন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in