/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e8761fe8-d415-46a1-aae7-1391fc49cd77/Namgher.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ খুমটাইত এতিয়া চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় উপাসনাথলী নামঘৰসমূহ। বৃহস্পতিবাৰে নিশা চোৰে লুটিলে খুমটাইৰ এটা নামঘৰ। খুমটাইৰ বছাগাঁও বুঢ়া নামঘৰত চোৰ সোমাই লুটি নিলে দানপাত্ৰৰ ধন৷
নামঘৰটোত ৰ’ডেৰে তলা ভাঙি লুট-পাত কৰাৰ লগতে চুৰে মণিকূটৰ গুৰুআসনো লণ্ড-ভণ্ড কৰে। উল্লেখ্য নামঘৰৰ ধনৰ বাকচ উদ্ধাৰ কৰা হয় পথাৰৰ মাজত ৷ আনহাতে বিগত কিছুদিনত খুমটাইত প্ৰায় ১৭/১৮ টা নামঘৰত চুৰিকাণ্ড সংঘটিত হৈছে যদিও আৰক্ষীয়ে বৰ্তমানলৈ এটাও চোৰ ধৰিব নোৱাৰাৰ অভিযোগ ৷
যাকলৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আৰক্ষীৰ গুৰুত্বহীনতাৰ বাবেই চোৰৰ উৎপাত বাঢ়িছে বুলি মন্তব্য ৰাইজৰ। খুমটাইৰ বিভিন্ন প্ৰান্তত এফালৰ পৰা নামঘৰ-থান-মন্দিৰত হৈ অহা বৃহৎ চুৰিকাণ্ডই চিন্তিত কৰিছে বৃহৎ অঞ্চলটোৰ ৰাইজক।
Also Read: সত্ৰাধিকাৰ মুনীন্দ্ৰ মহন্তৰ বিয়োগঃ নগাঁও জিলা সত্ৰ মহাসভাৰ শোক প্ৰকাশ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us