সত্ৰাধিকাৰ মুনীন্দ্ৰ মহন্তৰ বিয়োগঃ নগাঁও জিলা সত্ৰ মহাসভাৰ শোক প্ৰকাশ...

সত্ৰাধিকাৰ মুনীন্দ্ৰ মহন্তৰ বিয়োগঃ নগাঁও জিলা সত্ৰ মহাসভাৰ শোক প্ৰকাশ

author-image
Asomiya Pratidin
New Update
সত্ৰাধিকাৰ মুনীন্দ্ৰ মহন্তৰ বিয়োগঃ নগাঁও জিলা সত্ৰ মহাসভাৰ শোক প্ৰকাশ...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও বৰপাঠৰীস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী দীঘলী সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া কলা-কৃষ্টি, সংস্কৃতিৰ পুৰোধা ব্যক্তি, নামাচাৰ্য্য মুনীন্দ্ৰ মহন্তৰ অকাল বিয়োগত নগাঁও জিলা সত্ৰ মহাসভাই গভীৰ শোক প্ৰকাশ কৰে। বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি থকা সত্ৰীয়া সংস্কৃতিৰ সাধক মহন্ত দেৱে বৃহস্পতিবাৰৰ নিশা প্ৰায় ১১.০০ বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

সত্ৰীয়া কলা-কৃষ্টি সংস্কৃতিৰ চৰ্চা অনুশীলনকে জীৱনৰ ব্ৰত হিচাবে গ্ৰহণ কৰি মহন্তই বৃহত্তৰ অঞ্চলৰ সত্ৰীয়া কলা কৃষ্টিৰ গুৰু হিচাবে খ্যাতি অৰ্জন কৰিছিল। অসমৰ বিভিন্ন প্ৰান্তত তেখেতে পালনামৰ আচাৰ্য্য হিচাবেও ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই আহিছিল। মৃত্যুৰ সময়ত তেখেতে সহধৰ্মিনীসহ দুই কন্যা আৰু একমাত্ৰ পুত্ৰক এৰি থৈ যায়।

শুকুৰবাৰে পুৱা নগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি, সম্পাদক ক্ৰমে কুশল মহন্ত, উৎপল মহন্ত আৰু উপদেষ্টাদ্বয় ক্ৰমে কৃষ্ণ গোস্বামী আৰু দেৱানন্দ গোস্বামীয়ে পৰম্পৰাগতভাৱে সত্ৰ মহাসভাৰ ধ্বজাৰে তেখেতৰ পাৰ্থিৱ শৰীৰ আবৃত কৰি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে আৰু বিদহ আত্মাৰ সজস্থান প্ৰাপ্তিৰে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায়।

ইয়াৰ পিছতেই সত্ৰীয়া পৰম্পৰাৰে গায়ন-বায়নসকলে ঘাট মাৰি তেখেতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে আৰু শিষ্য-প্ৰশিষ্য তথা গুণমুগ্ধসকলৰ উপস্থিতিত অন্তিম সৎকাৰ সম্পন্ন কৰা হয়।

Also Read: কামৰূপ মহানগৰ জিলাত অভিভাৱক মন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক

satra