গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰঃ অংকিতাৰ কাষত অগপ-অজাপৰ সভাপতি

গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ ঘটনাৰ ভুক্তভোগী অংকিতাৰ কাষত অগপ-অজাপৰ সভাপতি উপস্থিত

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰঃ অংকিতাৰ কাষত অগপ-অজাপৰ সভাপতি

ডিজিটেল সংবাদ, গোলাঘাটঃ যোৱা ২৪ জুলাইত গোলাঘাট চহৰৰ হিন্দী স্কুল ৰোডত ঘাটকৰ হাতত নিহত হোৱা সঞ্জীৱ ঘোষ-জুনু ঘোষৰ কনিষ্ঠ কন্যা আৰু সংঘমিত্ৰা ঘোষৰ ভগ্নী অংকিতাৰ কাষত শনিবাৰে থিয় দিয়ে অগপৰ সভাপতি অতুল বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যেতি গগৈ। দিনৰ ভাগতে অংকিতাৰ ঘৰত উপস্থিত হৈ অতুল বৰাই হত্যাকাৰী নাজিবুৰ ৰহমানক উচিত শাস্তি প্ৰদানৰ পোষকতা কৰি কয় যে- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই ঘটনাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

Advertisment

অন্যহাতে সন্ধিয়া লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যেতি গগৈয়ো অংকিতাৰ কাষত উপস্থিত হৈ তেওঁক সমবেদনা জ্ঞাপন কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাই কয় যে- মুখ্যমন্ত্ৰী ইয়ালৈ আহি পাহৰি গ'লে নহব। তেওঁৰ কাৰ্যালয়ৰ পৰা অপৰাধীক শাস্তি দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। অংকিতাৰ বাকী থকা শিক্ষা জীৱন আৰু পৰৱৰ্তী সময়ত তেওঁৰ সংস্থাপনৰ দায়িত্ব ও চৰকাৰেই বহন কৰিব লাগিব বুলিও উল্লেখ কৰি তেওঁ লগতে কয় যে- পৰিয়ালৰ সকলোকে হেৰুৱাই অকলশৰীয়া হৈ পৰা অংকিতাৰ প্ৰতি চৰকাৰৰ নৈতিক দায়িত্ব আছে।

অন্যহাতে ঘটনাটো মূখ্যমন্ত্ৰীয়ে লাভ জেহাদ বুলি উল্লেখ কৰা বিষয়টো সাংবাদিকে উল্লেখ কৰাত তেওঁ কয় যে- অপৰাধ অপৰাধেই, কোনোবা বিজেপি, আৰএছএছয়ে নিজে কিবা সংজ্ঞা তৈয়াৰ কৰি ল'লেই মানি লব নোৱাৰি। ইমান ভয়াৱহ আৰু জঘন্য ঘটনা এটাক সাম্প্ৰদায়িকী কৰণ আৰু ধৰ্মীয় ৰহন নাসানিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁ আহ্বান জনায়। তেওঁ লগতে কয়- সংবিধান অথবা আইন, ক'তো লাভ জেহাদৰ কথা উল্লেখ নাই।

Also Read: সীমান্ত সুৰক্ষা বাহিনীৰ সফল অভিযানঃ একেদিনাই উদ্ধাৰ ৫৮ ম'হ আৰু ৩০ গৰু

ATUL BORA LURIN JYOTI GOGOI