আৰক্ষীৰ জিম্মাতে মৃত্যু মেৰাপানী হত্যাকাণ্ডৰ অভিযুক্ত...

আৰক্ষীৰ জিম্মাতে মৃত্যু মেৰাপানী হত্যাকাণ্ডৰ অভিযুক্ত তোলন বৰাৰ

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ জিম্মাতে মৃত্যু মেৰাপানী হত্যাকাণ্ডৰ অভিযুক্ত...

ডিজিটেল সংবাদ, গোলাঘাটঃ মেৰাপানীত পুনৰ চাঞ্চল্য। মেৰাপানী আৰক্ষীৰ জিম্মাত মৃত্যু নৰ হত্যাকাৰী অভিযুক্ত তোলন বৰাৰ। শনিবাৰে নিশা মেৰাপানীৰ তেঁতেলীগুৰিত ৰাজীব গগৈ নামৰ যুৱকজনক বিবস্ত্ৰ কৰি অতি নৃশংস ভাৱে হত্যা কৰাৰ অভিযোগ আছিল তোলন বৰা ওৰফে ৰূপেশ্বৰ বৰাৰ বিৰুদ্ধে।

Advertisment

ঘটনাৰ পাছতেই মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ আহত তোলনক প্ৰথমে মেৰাপানী সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও চিকিৎসকে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। উক্ত চিকিৎসালয়লৈ নি থকা অৱস্থাত বাটতে তোলন বৰাৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে মেৰাপানী আৰক্ষীয়ে।

এই খবৰৰ পাছতেই সমগ্ৰ ঘটনাতো এক ৰহস্যৰ আৰ্বতত সোমাই পৰিছে। উচিত তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা। উল্লেখযোগ্য যে, হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত আক্ৰমণ-প্ৰত্যাক্ৰমণত তোলন বৰা আহত হৈছিল বুলি সন্দেহ কৰা হৈছে।

Also Read: বিফল "লুনা-২৫": নিয়ন্ত্ৰণ হেৰুৱাই চন্দ্ৰপৃষ্ঠত খুন্দা অভিলাষী চন্দ্ৰযানৰ...

Assam police