কমাৰবন্ধাত ৫ বিশিষ্টক লেখিকা সমাৰোহৰ সম্বৰ্ধনা...

সভাত ড০ মৃনাল কুমাৰ বৰ্মন, ড০ পদ্ম বৰা, বিশিষ্ট লেখিকা জ্যোৎস্না হিলৈদাৰীৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
কমাৰবন্ধাত ৫ বিশিষ্টক লেখিকা সমাৰোহৰ সম্বৰ্ধনা...

ডিজিটেল সংবাদ, গোলাঘাটঃ ৪০টা বসন্ত গৰকা কমাৰবন্ধা লেখিকা সমাৰোহ সমিতিয়ে মঙলবাৰে কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঞ্চলটোৰ ৫গৰাকী বিশিষ্ট ব্যক্তিক সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি যোগোৱাৰ বাবে সমজোৱাভাবে সম্বৰ্ধনা জ্ঞাপন কৰে। বিশিষ্ট সংগীত শিল্পী খগেন বৰা, দিলীপ শইকীয়া, বীৰেন বৰা, সাংবাদিক তুলসী দত্ত, চুলতান আলীৰ জনোৱা হয় এই বিশেষ সম্বৰ্ধনা।

Advertisment

৫ বিশিষ্টৰ লগতে অঞ্চলটোৰ সাহিত্যিক পেঞ্চনাৰ জয়ন্তী হিলৈদাৰী, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, ডালিমী শইকীয়া, ৰূপা শইকীয়াকো গামোছা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে সম্ভাষণ জনাই লেখিকা সমাৰোহে।

বৰ্ণালী বৰা বৰ্মণে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ উদ্বোধন কৰে ৰূপা শইকীয়াই। অনুষ্ঠানত অৰোণজ্যোতি সাংস্কৃতিক দলে নাগাৰা নাম পৰিবেশন কৰাৰ লগতে নতুন সভানেত্ৰী জ্যোতি বৰাই বন্তিপ্ৰজ্বলন কৰে। উল্লেখ্য সভাত ড০ মৃনাল কুমাৰ বৰ্মন, ড০ পদ্ম বৰা, বিশিষ্ট লেখিকা জ্যোৎস্না হিলৈদাৰীৰ লগতে বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

সভাত সুবৰ্ণ শইকীয়া বৰদলৈয়ে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি অসমৰ লেখিকাসকলৰ সাহিত্যৰাজিৰ বিষয়ে বক্তব্য প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ সুদূৰ বাংলাদেশতো লেখিকা সমাৰোহৰ শাখা গঠন হোৱাৰ কথা সগৌৰৱে উল্লেখ কৰে ।

Also Read: ঘূৰাই পাব ছাহাৰাত জমা কৰা টকাঃ গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ৰিফাণ্ড পৰ্টেল...

assam lekhika samaj