ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গো-ধনৰ দেহত লাম্পি ৰোগ: গোলাঘাটত বিনামূলীয়া টিকাকৰণ...

গোলাঘাট জিলা পশু পালন তথা পশু চিকিৎসা বিভাগৰ উদ্যোগত পশুধনৰ মাৰাত্মক লাম্পি আৰু ব্ৰুছেলা ৰোগৰ সজাগতা তথা বিনামূলীয়া টিকাকৰণ শিবিৰ...

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গো-ধনৰ দেহত লাম্পি ৰোগ: গোলাঘাটত বিনামূলীয়া টিকাকৰণ...

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলা পশু পালন তথা পশু চিকিৎসা বিভাগৰ উদ্যোগত পশুধনৰ মাৰাত্মক লাম্পি আৰু ব্ৰুছেলা ৰোগৰ সজাগতা তথা বিনামূলীয়া টিকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হয়। পশুধনৰ মাৰাত্মক লাম্পি অৰ্থাৎ পশুধনৰ ছালৰ ফুহা ৰোগ আৰু ব্ৰুছেলা ৰোগৰ সজাগতা তথা নিৰ্মূলকৰণৰ উদ্দেশ্যে গোলাঘাট জিলা পশু পালন তথা পশু চিকিৎসা বিভাগৰ উদ্যোগত গোলাঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ তৰফৰ পৰা আধাৰসত্র পশু উপ-স্বাস্থ্য কেন্দ্ৰ অধীনৰ ৩ নং ভোলাগুৰি আৰু কৈৱৰ্ত্ত গাঁৱত মঙলবাৰে পশুধনৰ বিনামূলীয়া টিকাকৰণ কাৰ্যসূচীৰ হাতত লোৱা হয়।

Advertisment

এই পশু চিকিৎসা শিবিৰ গোলাঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ সুনীল কুমাৰ হালৈৰ তত্বাৱধানত পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰ সহায়ক সমীৰঞ্জন বৰা, পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণৰত ক্ষেত্ৰ সহায়ক জয়ন্ত মাধৱ গগৈ, জিন্টু দাস, ভৈৰৱ শইকীয়া, লাকি গগৈৰ লগতে গোলাঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ কৰ্মচাৰী ৰিক গগৈ আৰু পশু সখী ৰঞ্জু শইকীয়াই পশুধনৰ ছিটাকৰণেৰে সফল ৰূপায়ণত কৰে।

Also Read: শ-শ মহিলাই কঁপালে মায়ঙৰ ৰাজপথ; প্ৰতিবাদকাৰীক দেখি পলাল চৰকাৰী কৰ্মচাৰী...

GOVT OF ASSAM