কা- বলবৎ কৰা সিদ্ধান্তৰ বিৰোধিতাৰে গোলাঘাটত কৃষক মুক্তিৰ প্ৰতিবাদ

কা- বলবৎ কৰা সিদ্ধান্তৰ বিৰোধিতাৰে গোলাঘাটত কৃষক মুক্তিৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গোলাঘাট: বিজেপি দলৰ কেইবাজনো শীৰ্ষ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে দেশত শীঘ্ৰেই কা' বলবৎ হ'ব বুলি ঘোষণা কৰাৰ পাছতেই দেশৰ লগতে অসমতো ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যজুৰি কা- বলবৎ কৰা সিদ্ধান্তৰ বিৰোধিতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰে।

সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়ে কা বলবৎ কৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীত উপস্থিত থাকি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পিণ্টু গগৈয়ে কয় যে, অসমৰ ইতিহাসৰ অন্যতম সৰ্ববৃহৎ জাতীয় আন্দোলনক বিজেপি চৰকাৰে উপলুঙা কৰি বলপূৰ্বকভাৱে অসমৰ ওপৰত কা তথা বিদেশীৰ বোজা জাপি দিব বিচৰাটো অসমবাসীয়ে কেতিয়াও মানি নলয়। লগতে গগৈয়ে কয় যে, কা আইনখন এখন সংবিধান বিৰোধী,অবৈধ, অনৈতিক,অসম চুক্তি বিৰোধী,সাম্প্ৰদায়িক আইন আৰু অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰে পৰিপূৰ্ণ বৰ্ণাঢ্য অসমীয়া জাতিৰ ঐক্য সংহতিক বিঘ্নিত কৰিব এই কলা আইনে ।

এই আইন বলবৎ হোৱা মানেই অসমৰ প্ৰতিটো জনজাতি,জনগোষ্ঠীৰ স্বকীয় পৰিচয় আৰু স্বকীয় সত্তা ধ্বংস হ'ব বুলি মন্তব্য কৰি ছাত্র নেতা জনে আৰু কয় যে অসমবাসীয়ে কেতিয়াও কা মানি নলয়। তেওঁ লগতে বিজেপিক জাতিদ্ৰোহী,ফেচিবাদী দল বুলি ক্ষুৰধাৰ সমালোচনা কৰে।

আনহাতে প্ৰতিবাদস্থলীত নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সভানেত্ৰী বিমলা গগৈয়ে কয়, আমাৰ সংগ্ৰাম আজিৰে পৰা পুনৰ আৰম্ভ হৈছে। কা-ৰ বিৰুদ্ধে গাঁৱে ভূঞে আমাৰ সংগ্ৰাম অধিক , তীব্ৰতৰ হ'ব। কৃষক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সমিতিৰ যুটীয়া সম্পাদক হিৰক জ্যোতি শইকীয়াই কয়,যে এইখন চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে।

চৰকাৰে যদি শীঘ্ৰেই কা' বলবৎ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে তেন্তে কা' বিৰুদ্ধে আন্দোলন অধিক তীব্ৰতৰ হ'ব বুলিও তেওঁ মন্তব্য কৰে। প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী সকলে কা' বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

এই প্ৰতিবাদী কাৰ্যাসূচীত কৃষক মুক্তিৰ ৰঙাজান আঞ্চলিক সমিতিৰ কল্যাণ জ্যোতি বৰা,ছাত্ৰ মুক্তি ৰঙাজান আঞ্চলিক সমিতিৰ সম্পাদক বিশ্বজিৎ শইকীয়া আৰু কেইগৰাকী সদস্য উপস্থিত থাকে।

কা- বলবৎ কৰা সিদ্ধান্তৰ বিৰোধিতাৰে গোলাঘাটত কৃষক মুক্তিৰ প্ৰতিবাদ
অগপ-ইউপিপিএললৈ বিজেপিয়ে এৰি দিলে ৩ খন আসন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in