অগপ-ইউপিপিএললৈ বিজেপিয়ে এৰি দিলে ৩ খন আসন...

লোকসভা নিৰ্বাচনক লৈ বৃহস্পতিবাৰে বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
অগপ-ইউপিপিএললৈ বিজেপিয়ে এৰি দিলে ৩ খন আসন...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক লৈ বৃহস্পতিবাৰে বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনৰ আসন ভাগ-বতৰা সন্দৰ্ভত শৰ্মাই কয় যে অসমৰ ১৪ খন আসনৰ ভিতৰত ১১ খনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে।

Advertisment

আনহাতে বৰপেটা আৰু ধুবুৰী অসম গণ পৰিষদ, কোকৰাঝাৰ ইউপিপিএললৈ এৰি দিয়ে বিজেপিয়ে।

উল্লেখ্য যে, অগপই ৪ খন আসন বিচাৰিছিল। বৰপেটা, ধুবুৰী, কৰিমগঞ্জ আৰু কাজিৰঙা সমষ্টি বিচাৰিছিল অগপই। কিন্তু দুখন আসন দিয়াৰহে সিদ্ধান্তহে গ্ৰহণ কৰে বিজেপি নেতৃত্বি।

শৰ্মাই কয় যে, বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, সাংগঠনিক সম্পাদক বিএন সন্তোষ, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকতে আসন ভাগ-বতৰাক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু অগপ, ইউপিপিএলক প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল দুয়োটা দলে।

শৰ্মাই লগতে কয় যে আজি নিশা তেওঁ আৰু ৰাজ্যিক সভাপতি দিল্লীলৈ যাব । তাতেই সিদ্ধান্ত হ'ব প্ৰাৰ্থীৰ। দলৰ শীৰ্ষ নেতাৰ উপদেশ অনুসৰিয়েই প্ৰাৰ্থীক দিয়া হ'ব টিকট। আজি নিশা নহ'লে কাইলৈ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব বুলি শৰ্মাই কয়।

Also Read: ১৯৯৩ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণঃ প্ৰমাণৰ অভাৱত আব্দুল কৰিম টুণ্ডাক নিৰ্দোষী সাব্যস্ত আদালতৰ

loksabha uppl agp himanta biswa sarma bjp