গোলাঘাটত যুৱকৰ হাত কাটি দুছেও কৰা ঘটনা সন্দৰ্ভত দুজন আটকঃ দুই আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ...

গোলাঘাটত যুৱকৰ হাত কাটি দুছেও কৰা ঘটনা সন্দৰ্ভত দুজন আটকঃ দুই আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ...

author-image
Asomiya Pratidin
New Update
গোলাঘাটত যুৱকৰ হাত কাটি দুছেও কৰা ঘটনা সন্দৰ্ভত দুজন আটকঃ দুই আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ...

গোলাঘাটত যুৱকৰ হাত কাটি দুছেও কৰা ঘটনা সন্দৰ্ভত দুজন আটকঃ দুই আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ...

ডিজিটেল ডেস্কঃ গোলাঘাটত সংঘটিক চাঞ্চল্যকৰ ঘটনাৰ সৈতে জড়িত দুজন যুৱকক আটক কৰিছে। আনহাতে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে চোমনী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰভাত শ‌ইকীয়া আৰু কনিষ্টবল মুনীন্দ্ৰ মাধৱ শ‌ইকীয়াৰ।

Advertisment

উল্লেখ্য যে, বাইকেৰে গৈ থকা অৱস্থাত এজন যুৱকৰ হাত কাটি দুছেও কৰিছিল ডাম্পাৰত অহা দুৰ্বৃত্তই। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল যদিও গোলাঘাট আৰক্ষীৰ ভূমিকা আছিল ৰহস্যজনক।

অৱশ্যে পৰৱৰ্তী সময়ত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই টুইটাৰৰ জৰিয়তে এই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে শেহতীয়াকৈ তৎপৰতাৰে তদন্তত নামি পৰিছে। গোলাঘাটৰ আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্ব চলি থকা তদন্ত প্ৰক্ৰিয়াৰ মাজতে ডেৰগাওঁ আৰক্ষীৰ সহযোগত ঢেকীয়ালৰ চিনাতলিৰ পৰা দুই যুৱকক আটক কৰিছে।

ঘটনা সন্দৰ্ভত এই দুই যুৱকক সোধ-পোছ অব্যাহত ৰাখিছে। উল্লেখ্য যে প্ৰায় ২৩ দিনৰ পূৰ্বে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। এগৰাকী ৩০ বছৰীয়া যুৱক বাইকেৰে গৈ থকা অৱস্থাত ডাম্পাৰেৰে অহা দুৰ্বৃত্তই সোঁ হাত কাটি দুছেও কৰি পথাৰৰ মাজত পেলাই থৈ গৈছিল।

এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল যদিও ৰহস্যজনক কাৰণত আৰক্ষীয়ে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। বৰঞ্চ কৃত্ৰিম হাত লগাই লোৱাৰহে পৰামৰ্শ দিছিল। এনে পৰিস্থিতিত ভুক্তভোগী যুৱকজনৰ অসহায় পিতৃয়ে বিধায়ক মৃণাল শইকীয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে আৰু মৃণাল শইকীয়াই মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক টুইটাৰৰ জৰিয়তে অৱগত কৰে। তাৰ পাছতে ঘটনাক লৈ আৰম্ভ হৈছে আৰক্ষীৰ তদন্ত।

Also Read: মধ্যপ্ৰদেশ নিজৰ কৰি ৰাখিব লাগে বিজেপিকঃ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীলৈও বিধানসভাৰ টিকত...

অপৰাধ