গোলাঘাটৰ বৰপথাৰ পঞ্চায়তত অনিয়মৰ অভিযোগ

গোলাঘাটৰ বৰপথাৰ পঞ্চায়তত আঁচনি ৰূপায়নৰ নামত অনিয়মৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ বৰপথাৰ পঞ্চায়তত অনিয়মৰ অভিযোগ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ অন্তৰ্গত পূৱ বৰপথাৰ পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৩ টা বছৰ অতিক্ৰম কৰাৰ পিছতো বৰচাপৰি ৰাজহুৱা ৰংগমঞ্চৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰাত এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Advertisment

উল্লেখযোগ্য পঞ্চায়তটোৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ বৰচাপৰিত এটা ৰংগমঞ্চ নিৰ্মাণ কৰিবৰ বাবে ১৪ ফাইনেঞ্চৰ পৰা ৬ লাখ টকা আৰু ১৫ ফাইনেঞ্চৰ পৰা ১ লাখ টকা আৱণ্টন হৈছিল ৷ কিন্তু বৰ্তমানলৈকে ৰাজহুৱা ৰংগমঞ্চটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই ৷

এইপৰ্যন্ত ভৱনটোত টিনপাতৰ লগতে দুৱাৰ খিৰিকি আৰু পকীবেৰৰ কামো সম্পূৰ্ণ কৰিব পৰা নাই দায়িত্বত থকা লোকলকলে ৷ বৰ্তমানৰ সভানেত্ৰী গীতামণি পেগু ৰেগনৰ মতে, উক্ত ৰংগমঞ্চটো নিৰ্মাণ সমিতিৰ সভাপতি আৰু ৱাৰ্ড সদস্যগৰাকীয়ে সেইসময়ৰ পঞ্চায়ত সচিবৰ সৈতে মিলি আঁচনিৰ প্ৰায়ভাগ ধনেই মোকলাই নিয়ে ৷

আনহাতে উক্ত ঘটনাৰ সৈতে দিগন্ত ফুকন নামৰ এজন বিতৰ্কিত ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰীৰ নামো সাঙুৰ খাই পৰিছে৷ সভানেত্ৰীগৰাকীৰ মতে ৰংগমঞ্চ নিৰ্মাণ সমিতিয়ে নিৰ্মাণকাৰ্যত ব্যৱহৃত সামগ্ৰী ক্ৰয় কৰিবৰ বাবে দিগন্ত ফুকনক টকা মোকলাই দিছিল ৷ কিন্তু প্ৰায় দুটা বছৰ পূৰ্বে অব্যাহতি দিয়া দিগন্ত ফুকন নামৰ লোকজনে বৰ্তমানেও উক্ত সামগ্ৰীসমূহ নিদিয়াত ৰংগমঞ্চটো সম্পূৰ্ণ হৈ উঠা নাই ৷

Also Read: প্ৰসংগ-মহিলা সংৰক্ষণ বিধেয়কঃ ছোনিয়া গান্ধীয়ে সংসদ উত্তাল কৰাৰ সম্ভাৱনা

GOVT OF ASSAM