গোলাঘাট জিলাৰ মেৰাপানী খুমটাইত স্বাস্থ্য বিভাগৰ বিশেষ কাৰ্যসূচী...

বুধবাৰে গাওঁ স্বাস্থ্য অনাময় আৰু পৰিপুষ্টি দিৱসৰ দিনটোত বনৰীয়া কাঠফুলা সেৱন নকৰিবলৈ সজাগতা সভা অনুষ্ঠিত কৰে।

author-image
Asomiya Pratidin
New Update
গোলাঘাট জিলাৰ মেৰাপানী খুমটাইত স্বাস্থ্য বিভাগৰ বিশেষ কাৰ্যসূচী...

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ মেৰাপানীত খুমটাইকে ধৰি বিভিন্ন অঞ্চলত বনৰীয়া কাঠফুলা ভক্ষণ কৰি কেইবাজনো লোকৰ মৃত্যু আৰু বহু লোক অসুস্থ হৈ পৰাত গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগে বুধবাৰে গাওঁ স্বাস্থ্য অনাময় আৰু পৰিপুষ্টি দিৱসৰ ( V H S N C - Village Health Sanitation and Nutrition Committee) দিনটোত প্ৰত্যেক VSNC সভাত বনৰীয়া কাঠফুলা সেৱন নকৰিবলৈ ৰাইজৰ মাজত কেইবাখনো সজাগতা সভা অনুষ্ঠিত কৰে।

Advertisment

সভা সমূহত স্বাস্থ্য কৰ্মী সকলে বনৰীয়া কাঠফুলা খোৱাৰ ফলত বিষক্ৰিয়া হৈ মৃত্যু মুখত পৰিব লগা হ'ব পাৰে বুলি ৰাইজক সচেতন কৰে। হাবি-বননিত পোৱা কাঠফুলা খাদ্যৰ বাবে স্বাস্থ্যকৰ হয় নে নহয় চিনাক্ত কৰাটো জটিল। সেইবাবে এনে কাঠফুলা খাই বিষক্ৰিয়া হোৱাটো নিশ্চিত।

এই কাৰ্যসূচী VHSNC হিচাপে পালন কৰি সমূহ চিকিৎসা কৰ্মী, তৃণমূল পৰ্যায়ৰ স্বাস্থ্যকৰ্মীয়ে গৰ্ভৱতী মহিলা আৰু শিশু সকলক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী, মাতৃ আৰু শিশু স্বাস্থ্যজনিত দিশ সমূহৰ ওপৰত সজাগতাৰ লগতে বিশেষভাবে বনৰীয়া কাঠফুলা বিষয়টোৰ উপৰত গুৰুত্ব আৰোপ কৰে।

VHSNC সভাত চিকিৎসক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ আঁচনি পৰিচালন গোটৰ বিষয়া - কৰ্মচাৰী আদিও উপস্থিত থাকে। বনৰীয়া কাঠফুলা সেৱনৰ ভয়াবহতাৰ উপৰত ৰাইজৰ সজাগতা উদ্দেশ্য ইতিমধ্যে স্বাস্থ্য কৰ্মী সকলে I DSP ( Integrated Disease Surveillance Programme) গোটৰ বিষয়া সকলৰ লগত গাওঁ সভা আৰু স্বাস্থ্য শিবিৰ সমূহত সজাগতা সভা অনুষ্ঠিত কৰি সজাগতা প্ৰচাৰপত্ৰ (leaflet) বিতৰণ কৰিছে

Also Read: চৰকাৰক সমালোচনা নকৰিব, জেলৰ ভাত খাব লাগিব -"আপ"

health department of assam