/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ca344f5f-e473-4bdc-aa16-ed8393c637b3/vvv.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ নানাৰঙী ৰঙৰ ফুলেৰে শুসুভিত গোলাঘাটৰ যোগীবাৰী পৰ্যটন ক্ষেত্ৰই এতিয়া সকলোকে হাতবাউলি দি মাতিছে৷ বিভিন্ন প্ৰজাতিৰ নানাৰঙী ফুলৰ সুবাস ল’বলৈ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ যোগীবাৰীলৈ আগমন হৈছে বিভিন্ন জনৰ ৷
যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ যোগীবাৰীত প্ৰায় ৬০ খন ফুলৰ বিপনীত দেখা গৈছে লোকৰ সমাগম ৷ প্ৰকৃতিপ্ৰেমী বিধায়ক মৃনাল শইকীয়াই বিগত বৰ্ষৰ দৰে এইবাৰো গোলাঘাটৰ খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত নানাৰঙী ফুলৰ সুবাস ল’বলৈ এই পদক্ষেপ হাতত লোৱাৰ কথা উল্লেখ কৰে ৷ নৱবৰ্ষত যাতে সকলোৱে শৃংখলাবদ্ধভাৱে উদযাপন কৰিব পাৰে তাৰ বাবেই তিনিদিনীয়াকৈ এই ফুলৰ মেলাৰ আয়োজন কৰা হৈছে ৷
শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে আহি ফুলৰ মেলাত অংশগ্ৰহণ কৰি এক মধুৰ সময় পাৰ কৰিব পাৰে তাৰ বাবেই বিধায়কগৰাকীৰ পদক্ষেপক প্ৰশংসা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ মন্ত্ৰীগৰাকীয়ে ফুলৰ মেলাত অংশগ্ৰহণ কৰি বিপনীসমূহ প্ৰত্যক্ষ কৰা দেখা গ’ল ৷ নানাৰঙী ফুলেৰে জাতিস্কাৰ হোৱা যোগীবাৰীলৈ আহি সকলোৰে মন প্ৰাণ ভৰি পৰা দৃশ্যই সকলোৰে মন আকৰ্ষিত কৰিব ৷
Also Read: তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে অল্টো বাহন, মৃত্যু সাংবাদিকৰ