NEEPCO য়ে এৰিছে পানীঃ গোলাঘাটত জলপ্ৰলয়ৰ সম্ভাৱনা...

NEEPCO য়ে এৰিছে পানীঃ গোলাঘাটত জলপ্ৰলয়ৰ সম্ভাৱনা...

author-image
Asomiya Pratidin
New Update
NEEPCO য়ে এৰিছে পানীঃ গোলাঘাটত  জলপ্ৰলয়ৰ সম্ভাৱনা...

ডিজিটেল সংবাদ,গোলাঘাটঃ পুনৰ গোলাঘাট জিলাত হ'ব পাৰে জলপ্ৰলয়! বিগত কেউটা দিনত চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰৱল বৃষ্টি পাতৰ ফলত ওখা জিলাত থকা NEEPCO ৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী মুকলি কৰি দিছে। এই ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনে দৈয়াং আৰু ধনশিৰি নদীৰ দাঁতি কাষৰীয়া লোক সকলক সৰ্তক হোৱাৰ আহ্বান জনাইছে।

Advertisment

নীপকো কৰ্তৃপক্ষই গোলাঘাট জিলা প্ৰশাসনক জানিবলৈ দিয়া মতে, দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ হৈছে ৩২২ মিটাৰ। গতিকে আজি পুৱা ৰিজাৰ্ভাৰৰ ১ নং গেট ২৫ চেন্টিমিটাৰ মুকলি কৰাৰ পাছতো পানীৰ স্তৰ ৩২২.৪০ মিটাৰলৈ বৃদ্ধি পোৱাত পুনৰ গেট খোলাৰ উচ্চতা ০.৫০ মিটাৰলৈ বৃদ্ধি কৰা হৈছে। ৰিজাৰ্ভাৰৰ পৰা মুঠ নিৰ্গমন ১৯.৫৩ কিউমেক।

গতিকে এইক্ষেত্ৰত গোলাঘাট জিলাৰ অন্তৰ্গত সংশ্লিষ্ট সকলো বিভাগক সষ্টম হ’বলৈ নিৰ্দেশ জাৰি কৰা হৈছে। লগতে দৈয়াং আৰু ধনশিৰি নদীৰ কাষৰীয়া লোকসকলক নদীত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আদি কাৰ্য্যৰ পৰা বিৰত থাকিবৰ বাবে গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা সৰ্তক কৰি দিয়া হৈছে।

Also Read: লামডিং ৰেলৱে জংচনত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ...

golaghat flood