লামডিং ৰেলৱে জংচনত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ...

লামডিং ৰেলৱে জংচনত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ...

author-image
Asomiya Pratidin
New Update
লামডিং ৰেলৱে জংচনত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ...

ডিজিটেল সংবাদ,লামডিংঃ ভাৰতীয় ৰেলত বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ বেহা। লামডিং ৰেলৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে ৰেল আৰক্ষীয়ে। লামডিং ৰেল আৰক্ষী আৰু আৰপিএফৰ চিআইবি(CIB)ৰ যৌথ অভিযানত লামডিঙত প্ৰায় ১০লাখ টকাৰ ২০হাজাৰ টা নিচাজাতীয় টেবলেট জব্দ কৰে।

১৫৬৬৬ নামনিমুৱা মৰিয়নি গুৱাহাটী বিজি এস্কপ্ৰেছ ৰেলৰ সাধাৰণ শ্ৰেণীৰ D1 ডবাৰ এটা চিটৰ তলত পৰিত্যক্ত অৱস্থাত জব্দ কৰে সামগ্ৰীখিনি। জব্দাকৃত সামগ্ৰীখিনি ডিমাপুৰৰ পৰা সৰবৰাহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ এই পৰ্যন্ত ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

Also Read: বহুদিন পূৰ্বে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক জ্যোতিষীয়ে দিছিল সতৰ্কবাণী!

lumding railway