ব্যতিক্ৰমী স্বাধীনতা দিৱসঃ গৌৰৱ গগৈ ফেনচ ক্লাৱৰ বিশেষ শিবিৰ

গোলাঘাটত স্বাধীনতা দিৱসৰ ব্যতিক্ৰমী প্ৰয়াস। দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসত গৌৰৱ গগৈ ফেনচ ক্লাৱৰ বিশেষ শিবিৰ

author-image
Asomiya Pratidin
New Update
ব্যতিক্ৰমী স্বাধীনতা দিৱসঃ গৌৰৱ গগৈ ফেনচ ক্লাৱৰ বিশেষ শিবিৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত স্বাধীনতা দিৱসৰ ব্যতিক্ৰমী প্ৰয়াস। দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গৌৰৱ গগৈ ফেনচ ক্লাৱ আৰু গোলাপ শইকীয়া ফেনচ ক্লাৱৰ যৌথ উদ্যোগত ভাৰত বিকাশ পৰিষদ, স্নেহপদ আৰু ভিছন স্প্ৰীঙৰ সৌজন্যত মঙলবাৰে অনুষ্ঠিত কৰা হয় বিনামূলীয়া চকু পৰীক্ষা আৰু চশমা প্ৰদান অনুষ্ঠান।

Advertisment

হাবিছোৱা গাওঁ পঞ্চায়ত এলেকাৰ হাবিছোৱা বৰপথাৰ চুকাফা ৰঙ্গমঞ্চত আয়োজন কৰা হয় এই অনুষ্ঠানটি। উক্ত কাৰ্যসূচীত গোলাঘাট জিলা কংগ্ৰেছৰ উপ-সভাপতি টংক কমল গগৈ, মুখপাত্ৰ দিগন্ত বাইলুং, খুমটাই বিধানসভা যুৱ কংগ্ৰেছৰ উপসভাপতি ৰূপান্তৰ তাঁতি, হাবিছোৱা মণ্ডল কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰবীন শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে । উল্লেখ্য এই শিবিৰত মুঠ ১০৫ গৰাকী চকু ৰোগীক চকু পৰীক্ষা কৰি চশমা প্ৰদান কৰা হয় ।

Also Read: হিমাচলত স্থবিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীঃ ভূমিস্খলনে প্ৰাণ ল'লে অৰ্ধ শতাধিক লোকৰ

Assam Pradesh Congress Commitee