গোলাঘাটৰ ৰাজপথত ছাত্ৰক হত্যা কৰাৰ চেষ্টা...

গোলাঘাটৰ ট্ৰিপোল মাৰ্ডাৰৰ ঘটনাই জিলাবাসীৰ মনত ক্ৰিয়া কৰি থকাৰ সময়তেই শনিবাৰে পুনৰ চহৰখনত সংঘটিত হয় ছুৰীকাঘাটৰ এক ঘটনা

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট চহৰৰ হিন্দী স্কুল ৰোডৰ ট্ৰিপোল মাৰ্ডাৰৰ ঘটনাই জিলাবাসীৰ মনত ক্ৰিয়া কৰি থকাৰ সময়তেই শনিবাৰে পুনৰ চহৰখনত সংঘটিত হয় ছুৰীকাঘাটৰ এক ঘটনা। ঘটনাৰ বলি হোৱা অন্তৰীক্ষ ৰয় নামৰ স্কুলীয়া ছাত্ৰ জনে সংবাদ মাধ্যমৰ আগত দিয়া বিৱৰণি অনুসৰি, তেওঁ ভনীয়েকৰ সৈতে স্কুলৰ পৰা আহি থকা অৱস্থাত আচিফ আলি আৰু চফৰাজ নামৰ দুজন যুৱকে বাইকেৰে আহি শান্তিপুৰ মছজিদৰ ওচৰতে দুয়োকে আগচি ধৰি অন্তৰীক্ষক গালি পাৰিবলৈ ধৰে।

Advertisment

ইয়াৰ মাজতে আচিফে এখন চুৰি উলিয়াই তোক মাৰি পেলাম বুলি চিঞৰি তেওঁক ডিঙি আৰু মুখত আঘাত কৰে। অন্তৰীক্ষৰ ভনীয়েকে বাধা দিয়াত আচিফে ভনীয়েককো গতিয়াই পুনৰ আক্ৰমণ কৰিব বিচাৰে যদিও ঘটনাস্থলীত মানুহ গোট খোৱাত দুই আক্ৰমণকাৰী পলায়ন কৰে। পাছত ততাতৈয়াকৈ অন্তৰীক্ষীক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

পাছত ভুক্তভোগীৰ পৰিয়ালে গোলাঘাট আৰক্ষী থানাত আক্ৰমণকাৰীৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। অন্তৰীক্ষে সংবাদ মাধ্যমৰ আগত কয় যে- বহু দিনৰ আগতে আচিফে জুৱা খেলিবৰ বাবে তেওঁক পইচা বিচাৰিছিল আৰু পইচা নিদিয়াৰ বাবেই অন্তৰীক্ষ আৰু তেওঁৰ পিতৃ মাতৃ আৰু ভগ্নীক মাৰি পেলাব বুলিও কেইবাবাৰো ভাবুকি দি আহিছিল।

Also Read: প্ৰসংগ- সমষ্টি পুনৰ নিৰ্ধাৰণঃ আমগুৰি সমষ্টিক লৈ উত্তাল শিৱসাগৰ

Assam police golaghat administration