গোলাঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলা কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ

গোলাঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলা কংগ্ৰেছে সাব্যস্ত কৰিলে  প্ৰতিবাদ

ডিজিটেল সংবাদ,গোলাঘাট: অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধ আৰু শিশু খাদ্যৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে জনতাক কোঙা কৰি জীৱন ধাৰণত ব্যাঘাত ঘটোৱাৰ প্ৰতিবাদত সোমবাৰে গোলাঘাট কংগ্ৰেছ দলে এক জংগী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি ৰাণা গোস্বামী,সাধাৰণ সম্পাদক বিতোপন শইকীয়া আৰু গোলাঘাট জিলা কংগংৰছৰ সভাপতি দাদু টায়েৰ নেতৃত্বত বাহিৰ কৰা সমদলটোৱে চৰকাৰৰ প্ৰতীকি শৱদেহ সাঙীত উঠাই বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হয় ৷

সেই সময়ত উপস্থিত মাত্ৰ দুজন আৰক্ষীয়ে বৃহৎ প্ৰতিবাদী দলটোক ভেটাদি ৰাখিব নোৱাৰিলে ৷ প্ৰতিবাদী সকলে লোৰ বেৰিকেড ভাঙি জিলা আয়ুক্ত কাৰ্যালয়ৰ বাৰাণ্ডালৈকে সোমাই গৈ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে ৷ বহুসময় পৰিবেশ উত্তাল কৰাৰ লগতে প্ৰতিবাদী সকলে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতে চৰকাৰৰ প্ৰতীকী শৱদেহ দাহ কৰে ৷

পাছত ৰাণা গোস্বামীয়ে অত্যাৱশ্যকীয় বয় বস্তুৰ মূল্য ৰোধ কৰাৰ বাবে দাবী উত্থাপন কৰাৰ লগতে চিণ্ডিকেটৰ নায়ক ভৱেশ কলিকতাক গ্ৰেপ্তাৰৰ দাবী জনায়। ইয়াৰ পাছতে প্ৰতিবাদ কাৰী সকলে জিলা উপায়ুক্তৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

গোলাঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলা কংগ্ৰেছে সাব্যস্ত কৰিলে  প্ৰতিবাদ
গোলাঘাট জিলাৰ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ঠিকাদাৰৰ লুণ্ঠন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in