গোলাঘাট জিলাৰ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ঠিকাদাৰৰ লুণ্ঠন

গোলাঘাট জিলাৰ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ঠিকাদাৰৰ লুণ্ঠন

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন পুঁজিৰ প্ৰায় কোটি টকা লুণ্ঠনৰ জাল অনা-অসমীয়া ঠিকাদাৰৰ ৷ এই অভিযোগ মৰঙি সচেতন নাগৰিক মঞ্চৰ ৷ নুমলীগড় শোধনাগাৰৰ সমাজিক উন্নয়ন পুঁজিৰ প্ৰায় এককোটি টকা ব্যয় সাপেক্ষে স্বাস্থ্য কেন্দ্ৰখনৰ আন্তঃগাঁথনি উন্নয়ন আৰু মেৰামতিৰ কামৰ বাবে মুকলি কৰি দিছে পুঁজি ৷

কিন্তু একাংশ বিষয়া আৰু ঠিকাদাৰ আশিষ টোডীয়ে এই পুঁজি লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে ৷ শতবৰ্ষ গৰকা পুৰণি গৃহটোৰ পঁচা কাঠ সমূহ বদলি নকৰাকৈ টিং লগোৱা কাৰ্যত ৰাইজৰ চকু কপালত তুলিছে ৷ ইয়াৰ উপৰি নিম্নমানৰ কাম দেখিও চকু মুদা কুলিৰ ভাও দি ভাল কাম কৰা বুলি কেমেৰাৰ আগত গৰ্বৰে প্ৰকাশ কৰিছে বিতৰ্কিত ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়াজনে ৷

ৰাইজৰ অভিযোগ স্বাস্থ্য বিষয়াজনে ঠিকাদাৰৰে মিলি লুণ্ঠন চলোৱাৰ ফন্দি পাতিছে ৷ আনহাতে যোৱা তিনিটা দশক পৰিচালনা সমিতি অবিহনে চলি আছে মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ শীঘ্ৰেই গোলাঘাট স্বাস্থ্য বিভাগ তথা গোলাঘাট প্ৰশাসনক তদন্ত কৰি বিহিত ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।

গোলাঘাট জিলাৰ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ঠিকাদাৰৰ লুণ্ঠন
পিতৃৰ বন্ধুয়ে দলবদ্ধ ধৰ্ষণ কৰিলে ১৫ আৰু ১৩ বছৰীয়া দুই ভগ্নীক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in