কাকচাঙত লোমহৰ্ষক হত্যাকাণ্ড: আৰক্ষী থানাৰ সন্মূখত উত্তাল প্ৰতিবাদ

কাকচাঙত লোমহৰ্ষক হত্যাকাণ্ড: আৰক্ষী থানাৰ সন্মূখত উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত উপ জিলাৰ কাৰ্বিআংলং সীমান্তৰ কাকচাংত দেওবাৰে নিশা সংঘৰ্টিত লোমহৰ্ষক হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু হত্যাকাৰীক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবীত সোমবাৰে বোকাখাত থানাত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷

কাৰ্বি আংলং জিলাৰ ছাত্ৰ সংগঠনৰ লগতে একাধিক সংগঠনে হাতে হাতে প্লেকাৰ্ড লৈ বোকাখাত থানাৰ প্ৰৱেশদ্বাৰত অৱস্থান কৰি হত্যাকাৰীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী জনায় ৷ পিচত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ উপস্থিতিত হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক আদিলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ বোকাখাতৰ মহকুমা দণ্ডাধীশ সিদ্ধাৰ্থ সোনোৱালৰ হাতত অৰ্পণ কৰে ৷

উল্লেখযোগ্য যে দেওবাৰে নিশা বোকাখাত কাৰ্বিআংলংৰ সীমান্তত সংঘৰ্টিত এক লোমহৰ্ষক হত্যাকাণ্ডত ৰয়েল ৰংহাং নামৰ এজন যুৱকক গাড়ীৰ ভিতৰতে অচিনাক্ত দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰে ৷ নিজৰ AS 09K 5343 নম্বৰৰ মাৰুতী গাড়ীখনেৰে নিজা বাসগৃহলৈ বুলি গৈ থকা অৱস্থাত বোকাখাত কাকচাং পথত গাড়ীৰ ভিতৰতে ডিঙি কাটি নিশংসভাৱে হত্যা কৰে ৰয়েল ৰংহাঙ নামৰ এজন যুৱক জনক ৷

ৰয়েল ৰংহাংৰ মৃত্যুৰ পিচতেই সম্প্ৰতি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে কাকচাং অঞ্চলত ৷ অৱশ্যে ঘটনাৰ পিচতেই বোকাখাতৰ আৰক্ষী আৰু কাৰ্বি আংলং জিলাৰ ডলামৰাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে হত্যাকাণ্ডত জড়িত কোনো লোককে কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে ৷ এই ঘটনাৰ সৈতে চোৰাং কাঠৰ কাৰবাৰ কৰা এটা চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷

কাকচাঙত লোমহৰ্ষক হত্যাকাণ্ড: আৰক্ষী থানাৰ সন্মূখত উত্তাল প্ৰতিবাদ
হোলীৰ আনন্দৰ মাজতে প্ৰতিবাদত বহিল শিলসাঁকোৰ উচ্ছেদিত ৰাইজে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in