গোলাঘাট গ্ৰন্থ মেলা আৰু সাহিত্য সমাৰোহৰ লাই খুটা স্থাপন

গোলাঘাট গ্ৰন্থ মেলা আৰু সাহিত্য সমাৰোহৰ লাই খুটা স্থাপন

ডিজিটেল সংবাদ, গোলাঘাটঃ অহা ২৯ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈকে গোলাঘাট চহৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব লগীয়া গোলাঘাট গ্ৰন্থ মেলা আৰু সাহিত্য সমাৰোহৰ বৃহস্পতিবাৰে লাই খুটা স্থাপন কৰা হয়। আই সকলৰ উৰুলী আৰু গায়ন বায়নৰ খোল তালৰ শব্দৰ মাজত লাই খুটা স্থাপন কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই।

লাই খুটা স্থাপন কৰি বিধায়কগৰাকীয়ে উদ্যোক্তা সকলৰ এনে প্ৰচেষ্টাক আদৰণি জনাই গ্ৰন্থ মেলাখন সফল কৰি তুলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে, গ্ৰন্থমেলা গ্ৰন্থ মেলা হৈয়ে ৰোৱা উচিত, ইয়াক বাণিজ্যিক মেলালৈ ৰূপান্তৰিত কৰিব নেলাগে।

উল্লেখযোগ্য যে, গ্ৰন্থ মেলা আৰু সাহিত্য সমাৰোহৰ লগত সংগতি ৰাখি আটাইকেইদিন বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, আলোচনা সত্ৰ, শিশু সমাৰোহ আদিৰ লগতে অন্যান্য অনুষ্ঠান আৰু বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।

গোলাঘাট গ্ৰন্থ মেলা আৰু সাহিত্য সমাৰোহৰ লাই খুটা স্থাপন
হামাছ-ইজৰাইলৰ যুদ্ধত লাভ ভাৰতৰ ! মুকলি হৈছে সংস্থাপনৰ দুৱাৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in