/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9851011d-8e1a-4d30-8453-873270c2d0c8/249.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাটৰ প্ৰথমগৰাকী সৌন্দৰ্য বিশেষজ্ঞাৰূপে পৰিচিত সংগীতা কাকতিৰ দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ।
উল্লেখযোগ্য যে, তেওঁ যোৱা কিছুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল। মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু দুগৰাকী কন্যা সন্তানসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায় । বৰ্তমানে হামদৈৰ সমন্বয় পথৰ নিবাসী সংগীতা কাকতিয়ে সৌন্দৰ্য বিষয়ত প্ৰশিক্ষণ লৈ আহি গোলাঘাট নগৰত পোনপ্ৰথম বাৰৰ বাবে এটি সৌন্দৰ্য চৰ্চা কেন্দ্ৰ গঢ় দি এগৰাকী মহিলা ব্যৱসায়ীৰূপে সুপ্ৰতিষ্ঠিত হৈছিল।
"বুটিক" নামৰ বিউটি পাৰ্লাৰ জৰিয়তে তেওঁ নিজৰ লগতে কেইবাগৰাকীও যুৱতীক কৰ্ম সংস্থাপনৰ সুযোগ দিছিল। সৌন্দৰ্য বিষয়ত তেওঁ বিভিন্ন লিখা বাতৰি কাগজ আৰু আলোচনীত প্ৰকাশ পাইছিল। এইগৰাকী মহিলা ব্যৱসায়ীৰ মৃত্যুত গোলাঘাটত শোকৰ ছাঁ পৰিছে। সোমবাৰে তেওঁৰ মৃতদেহ সৎকাৰ কৰা হ'ব বুলি পৰিয়ালে প্ৰকাশ কৰিছে ।