অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি বিৰুদ্ধে গোলাঘাটত অৱস্থান বিক্ষোভ

অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি বিৰুদ্ধে গোলাঘাটত অৱস্থান বিক্ষোভ

author-image
Asomiya Pratidin
New Update
অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি বিৰুদ্ধে গোলাঘাটত অৱস্থান বিক্ষোভ

ডিজিটেল সংবাদ, গোলাঘাট: দৈনিন্দন ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য ৰোধ কৰা আৰু জিলাখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মঙলবাৰে গোলাঘাট ত্ৰিমূৰ্তিক্ষেত্ৰত অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিয়ে। অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা গোলাঘাট কৃষি বিভাগত হোৱা মাটিমাহ বীজৰ কেলেংকাৰীৰ উচ্ত পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰা, গোলাঘাট ধোদৰ আলি পথৰ ক্ষতিপূৰণৰ কেলেংকাৰী তদন্ত কৰা, গোলাঘাট শ্বদীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ ঔষধ যোগান ধৰা, অবৈধ শিল-বালি খনন কাৰ্য বন্ধ কৰা আৰু নামবৰ বনাঞ্চলচ অবৈধ গছ কটা বন্ধ কৰা আদি কেইবাটাও সমস্যা সমাধানৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

Advertisment

এই প্ৰতিবাদৰ সময়চোৱাত প্ৰতিবাদ কাৰী সকলে আত্যাৱশ্যকীয় সামগ্ৰী ৰ মূল্যবৃদ্ধি ৰোধ কৰক , মাটীমাহৰ বীজ কেলেংকাৰীৰ তদন্ত কৰি দোষীক শাস্তি দিয়ক, নামবৰত অবৈধ ভাবে গছ গছনী কটা বন্ধ কৰক, শিল বালিৰ অবৈধ খনন বন্ধ কৰক আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। আজিৰ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰাজীৱ লস্কৰে।

Also Read: অন্তঃকন্দলত জৰ্জৰিত নতুন কমলাবাৰী সত্ৰ

protest