/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b6b76cfe-e34a-46ae-ade5-e0c3dad0387b/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনত চলিত বৰ্ষত ধুমুহা, শিল-বৰষুণ, বজ্ৰপাত আৰু অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে ক্ষতিপূৰণ দিয়া সন্দৰ্ভত ৰাজ্যিক দুৰ্যোগ সহাঁৰি পুঁজিৰ কেইবাটাও প্ৰস্তাৱ আলোচনা তথা গৃহীত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/0864aa52-a184-4c9d-a724-7fcb4fd1760c/54332128_703a_4e25_b236_0340531b7ec0.jpg)
জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে সভাত জিলাখনত চলিত বৰ্ষৰ প্ৰাকৃতিক দুৰ্যোগত হোৱা ক্ষয়-ক্ষতি আৰু ক্ষতিপূৰণ আদায় দিয়াৰ সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাৱে বৰ্ণনা কৰে। সভাত প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা এগৰাকী ব্যক্তিৰ বাবে এককালীন সাহাৰ্য, ধুমুহা, শিল-বৰষুণ আৰু বজ্ৰপাতৰ ঘটনাত ক্ষতিগ্ৰস্ত ২৫০০ৰো অধিক গৃহ আৰু অন্য আন্তঃগাঁথনি তথা ৰাজহুৱা অনুষ্ঠান আৰু অগ্নিকাণ্ডৰ ঘটনাত ক্ষতিগ্ৰস্ত ১৮ টা গৃহ আৰু অন্য আন্তঃগাঁথনিৰ বাবে ক্ষতিপূৰণ দিয়া সন্দৰ্ভত প্ৰস্তাৱ উত্থাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/86840616-0dcc-458e-8ca3-e4214cb40681/963c4ecd_2f39_48ec_9da8_9fcc28fbdaff.jpg)
সভাত কৃষি, লোকনিৰ্মাণ (পথ), লোকনিৰ্মাণ (গৃহ), বিদ্যুৎ বিভাগ, পশুপালন আৰু পশুচিকিৎসা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু জলসম্পদ বিভাগে প্ৰাকৃতিক দুৰ্যোগত পশুধন, খেতিপথাৰ, দলং, বাট-পথ আদিৰ ক্ষয়-ক্ষতিৰ জোৰা মৰাৰ বাবে কেইবাটাও প্ৰস্তাৱ দাখিল কৰে। জিলা আয়ুক্তগৰাকীয়ে বান পৰিস্থিতিৰ সময়ছোৱাত চক্ৰ বিষয়া পৰ্যায়ৰ কৰ্মবাহিনীক অধিক সতৰ্ক হোৱাৰ লগতে প্ৰতি মাহৰ ১৫ তাৰিখে সভা অনুষ্ঠিত কৰি ক্ষয়-ক্ষতিৰ প্ৰস্তাৱসমূহ আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/89deea5b-cab9-4c4d-893f-22a875129d77/dd3a270f_db9c_4b2d_a994_3343aff12d4f.jpg)
প্ৰাকৃতিক দুৰ্যোগত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা কোনো প্ৰকৃত ভুক্তভোগী যাতে বঞ্চিত নহয় তাৰ প্ৰতি সতৰ্ক হ'বলৈ তেওঁ চক্ৰ বিষয়া পৰ্যায়ৰ কৰ্মবাহিনীক আহ্বান জনায়। এইক্ষেত্ৰত যাতে ক্ষয়-ক্ষতিৰ তালিকাত ভুৱা নাম সন্নিৱিষ্ট নহয় তাৰ বাবেও ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলে তৎকালীনভাবে সাহায্য সামগ্ৰী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। সভাত অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, সাংসদ আৰু বিধায়কসকলৰ প্ৰতিনিধি, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাস, পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া অৰুণ ভিগ্নেশ, চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু প্ৰতিনিধিসকল উপস্থিত আছিল ।
Also Read: হাটশিঙিমাৰীত বৃদ্ধি পাইছে অবৈধ বেহাঃ ১০ গো-ধনৰ সমান্তৰালভাবে জব্দ চেনীৰ বস্তা