/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5dd91811-8a8a-4fb6-9def-f236016a182d/Aatasa.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : সোমবাৰে পুৱাই গোবিন্দপুৰ চাহ বাগিচাত উত্তাল পৰিৱেশ। অসম চাহ জনজাতি ছাত্ৰ সন্থা মৰঙি উপ-শাখাৰ উদ্যোগত আৰু প্ৰাথমিক গোটৰ সহযোগত অৰ্ধশতাধিক সদস্যৰ লগতে বহু চাহ শ্ৰমিকৰ অংশগ্ৰহণেৰে গোবিন্দপুৰ চাহ বাগিচাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
অতিশীঘ্ৰে চাহ শ্ৰমিকৰ দখলত থকা ভূমি পট্টা প্ৰদান কৰা, বাগিচাৰ চিকিৎসালয়ত স্থায়ী চিকিৎসক প্ৰদান কৰা তথা চিকিৎসালয় উন্নীতকৰণৰ দাবী এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে যে, দাবী মানি নল'লে অনাগত সময়ত আৰু অধিক ভয়াবহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব।
Also Read: বিজেপিৰ সভালৈ নোযোৱা দিন হাজিৰা কৰা দম্পত্তিক বগৰাই বগৰাই প্ৰহাৰ বিজেপি নেতাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us