ডিজিটেল সংবাদ গোলাঘাটঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আৰু ইবোৰৰ মূল্য নিয়ন্ত্ৰণ কৰি দৰিদ্ৰ জনসাধাৰণক সকাহ দিয়াৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গোলাঘাট জিলা ছাত্ৰ সন্থাই ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে।
চহৰৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমুখত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অভিবৰ্তন গোস্বামী, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল আৰু সাধাৰণ সম্পাদক প্ৰিঞ্চ দলেই।
প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে, এইখন চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ কথা চিন্তা নকৰি পুঁজিপতিসকলৰ স্বাৰ্থ পূৰণতহে অগ্ৰাধিকাৰ দি আহিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে ছাত্ৰ সন্থা মনে মনে বহি নেথাকে বুলিও প্ৰতবাদকাৰীসকলে চৰকাৰক সৰ্তক কৰি দিয়ে।