ডিজিটেল সংবাদ, গোলাঘাট: দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজিৱালৰ বিৰুদ্ধে বিজেপি চৰকাৰে গভীৰ ষড়যন্ত্ৰ চলোৱাৰ প্ৰতিবাদত বৃহস্পতিবাৰে গোলাঘাটতো আম আদমী পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । আপৰ কেন্দ্ৰীয় সমন্বয়ক ৰাজীৱ শইকীয়া আৰু গোলাঘাট জিলা সমিতিৰ সভাপতি পুলিন গগৈৰ নেতৃত্বত বহু ,সংখ্যক পুৰুষ মহিলাই চহৰৰ গান্ধী মূৰ্তিৰ কাষত প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰৰ এনে ষড়যন্ত্ৰক গৰিহণা দিয়ে।
এনে ষড়যন্ত বন্ধ কৰক,ইডিক ৰাজনৈতিক কাৰণত পৰিণত নকৰিব, বিজেপি মুৰ্দাবাদ,গণতন্ত্ৰক হত্যা নকৰিব, আদি ধ্বণিৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। পাছত ৰাজ্যিক সমন্বয়ক ৰাজীৱ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে আম আদমী পাৰ্টিৰ ক্ৰমবদ্ধমান জনপ্ৰিয়তাই বিজেপি আৰু ইয়াৰ মিত্ৰ দল সমূহক শংকিত কৰি তুলিছে । সেই বাবেই আপৰ নেতা সকলৰ বিৰুদ্ধে চৰকাৰী এজেঞ্চি সমূহ ব্যৱহাৰ কৰি চৰকাৰে নিজৰ অত্যাচাৰী চৰিত্ৰৰ পৰিচয় দিছে।