মেলামৰাত গীতাঞ্জলি শইকীয়াৰ "কলম তিয়া" শীৰ্ষক গ্ৰন্থ উন্মোচন

মেলামৰাত গীতাঞ্জলি শইকীয়াৰ "কলম তিয়া" শীৰ্ষক গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
মেলামৰাত গীতাঞ্জলি শইকীয়াৰ "কলম তিয়া" শীৰ্ষক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ মেলামৰা মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক গীতাঞ্জলি শইকীয়াৰ নৱতম গ্ৰন্থ "কলম তিয়া " গ্ৰন্থখনি সোমবাৰে মেলমৰা মহাবিদ্যালয়ৰ প্ৰাংগণত এক গাম্ভীৰ্যতাপূৰ্ণ সভাত আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক শ্ৰীমন্ত মাধৱ বৰাই। "কলম তিয়া" গ্ৰন্থ খন হল এখন ISBN সংযোজিত গ্ৰন্থ ।

Advertisment

সোমবাৰৰ এই গ্ৰন্থ উন্মোচনী সভাত মেলামৰা মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ শইকীয়া, অসম গ্ৰন্থাগাৰ সন্থাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক ডঃ জ্ঞানদীপ শইকীয়া, গোলাঘাট গ্ৰন্থাগাৰ সন্থাৰ সভাপতি জিতেন বৰা, অসম কলেজ গ্ৰন্থাগাৰ সন্থাৰ কোষাধ্যক্ষৰ ডঃ দিপা বৰুৱা উপস্থিত থাকে। তদুপৰি, গোলাঘাট জিলাৰ বহুকেইখন মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক আৰু আপকু কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষৰ উপস্থিত আছিল।

উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ মৰঙী মৌজাৰ প্ৰথমজন ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপক শিক্ষক প্ৰয়াত বিষ্ণুৰাম শইকীয়া আৰু প্ৰয়াত মহেশ্বৰী শইকীয়াৰ চতুৰ্থ সন্তান গীতাঞ্জলি শইকীয়া। তেওঁ বৰ্তমানলৈকে বহু কেইখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষনা পত্ৰ পাঠ কৰাৰ লগতে কুৰিৰো অধিক প্ৰবন্ধ, কবিতা, গল্প আদি বিভিন্ন বাতৰিকাকত, আলোচনীত প্ৰকাশ হৈছে।

Also Read: চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবেই চৰকাৰী বিষয়াক ডিঙি কাটি হত্যা চালকৰ

Book Launch