ঘিলাধাৰীত অগ্নিকাণ্ড: জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ...

গোলাঘাট জিলা ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত বালিজান চাৰিপুৰীয়া গাঁৱৰ দিব্যজ্যোতি বৰাৰ ঘৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
ঘিলাধাৰীত অগ্নিকাণ্ড: জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ...

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলা ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত বালিজান চাৰিপুৰীয়া গাঁৱৰ দিব্যজ্যোতি বৰাৰ ঘৰত পুৱা ৪-৩০ মান বজাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত জাহ যায় পৰিয়ালটোৰ বাসগৃহ।

Advertisment

ঘটনাত কথমপি সন্তানৰ কিতাপ-পত্ৰ আৰু মটৰ চাইকেল উলিয়াবলৈ সক্ষম হয় যদিও বস্ত্ৰকে আদি কৰি অন্যান্য সকলো জাহ যায়। ঘটনাৰ সন্দৰ্ভত গোলাঘাট আগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত আগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহে যদিও ঠেক ৰাস্তাৰ বাবে জুই লগা ঠাইলৈকে গাড়ী সোমোৱাব নোৱাৰা অৱস্থাৰ সন্মুখীন হয়।

যাৰ বাবে লগত অনা পানীমটৰে ওচৰৰ পুখুৰীৰ পৰা অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে, যদিও ঘৰটো তেতিয়ালৈ সম্পূৰ্ণৰূপে জুইত জাহ যায়। উল্লেখ্য যে, বৰ্তমান স্থানীয় ৰাইজে আস্থায়ী ঘৰ বনাই দি খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিয়ে। ঘটনাস্থলীত চাৰিপুৰীয়া গাঁওৰক্ষী বাহিনীৰ লগতে আৰক্ষীৰ দল উপস্থিত হয়।

Also Read: SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী: আজি পুনৰ তলব সাংবাদিকক...

fire Assam police