পালনাম সমিতিৰ উদ্যোগত গায়ন- বায়নৰ প্ৰশিক্ষণৰ সফল পৰিসমাপ্তি

পালনাম সমিতিৰ উদ্যোগত গায়ন- বায়নৰ প্ৰশিক্ষণৰ সফল পৰিসমাপ্তি

author-image
Asomiya Pratidin
New Update
পালনাম সমিতিৰ উদ্যোগত গায়ন- বায়নৰ প্ৰশিক্ষণৰ সফল পৰিসমাপ্তি

ডিজিটেল সংবাদ, কাজিৰঙাঃ সামাজিক-সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠান বোকাখাত মহকুমা পালনাম সমিতিৰ উদ্যোগত, মহুৰা আঞ্চলিক পালনাম সমিতিৰ সৌজন্যত, অঞ্চলটিৰ ৫ভাগ নামঘৰ খেলৰ ভক্তপ্ৰাণ ৰাইজৰ পূৰ্ণ সহযোগত এটি তিনিমাহ জোৰা গায়ন-বায়নৰ প্ৰশিক্ষণ কৰ্মশালা দেওবাৰে সামৰণি পৰে।

Advertisment

উলেখ্য যে উক্ত কৰ্মশালাত ২৯ গৰাকী চেমনীয়াই প্ৰশিক্ষণ গ্ৰহন কৰে। এই প্ৰশিক্ষণৰ লগত সংগতি ৰাখি ২৯ অক্টোবৰত দিবা-ৰজনী সমাহাৰে বিলতীয়া হাঁহচৰা নতুন নামঘৰত এটি 'সামৰণী অনুষ্ঠান' অনুষ্ঠিত হয়। পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানভাগিৰ নাম-কীৰ্তন, গায়ন-বায়ন আৰু আয়তীৰ মাঙ্গলিক ধ্বনীৰে চৌদিশ মুখৰিত কৰি তোলে। প্ৰশিক্ষণৰ মুখ্য প্ৰশিক্ষক, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ স্বীকৃতি প্ৰাপ্ত বায়ন মহেশ্বৰ শইকীয়াক প্ৰশিক্ষাৰ্থী সকলৰ গায়ন-বায়ন দলে নামঘৰৰ মুখ্য তোৰণৰ পৰা আদৰণি জনোৱাৰ লগতে ফুলাম গামোচাৰে সম্ভাষণ জনায়।

পৰৱৰ্তী সময়ত এক আধ্যাত্মিক পৰিৱেশত প্ৰশিক্ষণ প্ৰাপ্ত গায়ন-বায়ন সকলক মহুৰামুখৰ শ্ৰীশ্ৰী বেঙেনা আটীয় সত্ৰাধিকাৰ বিষ্ণুদেৱ গোস্বামীয়ে মাল্য প্ৰদান কৰাৰ লগতে মহুৰা আঞ্চলিক পালনাম সমিতিৰ তৰফৰপৰা স্বীকৃতি প্ৰদান কৰে। অনুষ্ঠানত সহযোগী প্ৰশিক্ষক পূৰ্ণকান্ত বৰুৱা, দোলেন বৰা, দেৱকান্ত হাজৰিকা, ৰাতুল ডেকা, দিলীপ শইকীয়া আৰু বোকাখাত মহকুমা পালনাম সমিতিৰ সভাপতি বিনন্দ চন্দ্ৰ বৰুৱা, কাৰ্যক্ৰী সভাপতি পোনা গগৈ, ৰাজেন বৰা, উপসভাপতি ধীৰেণ শইকীয়া, মুখ্য সম্পাদক দেবানন্দ বড়াই অংশগ্ৰহণ কৰে।

অন্যহাতে অনুষ্ঠানত আঞ্চলিক সমিতিৰ তৰফৰ পৰা মহকুমা পালনাম সমিতিৰ সভাপতি-সম্পাদকক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনায়। মহুৰা আঞ্চলিক পালনাম সমিতিৰ সম্পাদক হৰেণ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত সভাপতি দুলাল বৰাই আদৰণি ভাষণ আগবঢ়ায়। ৰাতি প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা 'বিপ্ৰ দামোদৰ উপাখ্যান' ভাওনাই গায়ন-বায়ন প্ৰশিক্ষণ' সামৰণী অনুষ্ঠান'ৰ পৰিসমাপ্তি ঘটায়৷

অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ অমৰ সৃষ্টি দেৱবাদ্য খোল-তালৰ সমাহাৰে গায়ন-বায়নৰ দলটিক উপহাৰ দিয়াত প্ৰশিক্ষক-প্ৰশিক্ষাৰ্থী, স্থানীয় ভক্তপ্ৰাণ ৰাইজ আৰু মহুৰা আঞ্চলিক পালনাম সমিতিক সশ্ৰদ্ধ প্ৰণিপাত জনাই কৃতজ্ঞতা জ্ঞাপন কৰিছে বোকাখাত মহকুমা পালনাম সমিতিৰ সভাপতি বিনন্দ চন্দ্ৰ বৰুৱাই।

Also Read: মণিপুৰৰ জ্বলি শেষ হোৱা জুইৰ উত্তাপে দহিছে মোডীক !

গায়ন- বায়ন