দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহত আৰু আহত পৰিয়ালত সাংসদ গৌৰৱ গগৈ

দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহত আৰু আহত পৰিয়ালত সাংসদ গৌৰৱ গগৈ

ডিজিটেল সংবাদ,গোলাঘাটঃ ৩ জানুৱাৰী তাৰিখে দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাত নিহত আৰু আহত পৰিয়ালত উপস্থিত হয় কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ৷ নিহত পৰিয়ালত উপস্থিত হৈ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে সাংসদগৰাকীয়ে ৷

ইফালে দুৰ্ঘটনাৰ সন্দৰ্ভত সাংসদগৰাকীয়ে কয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যথেষ্ট গাফিলতি কাৰণে এই দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই দুৰ্ঘটনাৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ চিঠি লিখি অৱগত কৰিছে ৷ বিশেষকৈ অসমত ৰাষ্ট্ৰীয় ঘাইপথত নিহত আৰু আহত পৰিয়ালৰ সহায় হোৱাকৈ চিকিৎসালয় আৰু বিশেষ পুঁজি ব্যৱস্থা গ্ৰহণ কৰি আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগে বুলি সাংসদ গৰাকীয়ে কয় ৷

ইফালে দুৰ্ঘটনা সংঘটিত কৰা কয়লা ভৰ্তি ট্ৰাকখনৰ ওপৰত আজিকোপতি চৰকাৰে কোনো অনুসন্ধান নকৰা বুলি সাংবাদিকে সোধা প্ৰশ্নত সাংসাদ গৰাকীয়ে কয় যে সাধাৰণ ৰাইজে হেলমেট নিপিন্ধিলে, গাড়ীৰ চিটবেল্ট নলগালে,তীব্ৰ গতিত গাড়ী চলালে চৰকাৰক জৰিমনা দিব লাগে ৷ যদি কোনোবাই কয়লা,বালি-শিল,কাঠ,চুপাহী পৰিবহন কৰিছে তেনেধৰণৰ ব্যৱসায়ৰ ওপৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷ তেঁওলোকৰ কাৰণে কোনো আইন নাই, আইন কেৱল শ্ৰমিক,কৃষক আৰু সাধাৰণ শ্ৰেণী লোকৰ কাৰণেহে ৷ এইয়াই হ’ল মোডী চৰকাৰৰ ভাল দিন,হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পৰিৱৰ্তন বুলি চোকা সমালোচনা কৰে৷

ইফালে দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰা তথা গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ৰ পৰা স্বগৃহত উপস্থিত হ’ল আন দুজন৷ দিপ্তী শইকীয়া আৰু বিজিত শইকীয়াই বৰ্ণনা কৰিলে সেই গা নোম শিয়ৰি উঠা দুৰ্ঘটনাৰ কথা৷কৈ গ’ল মাতৃ,ভগ্নী,ভাতৃ,খুড়ী আৰু বৰমাকক চিৰদিনৰ কাৰণে একেলগে হেৰুৱাই দিশহাৰা হোৱা কথা ৷

দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহত আৰু আহত পৰিয়ালত সাংসদ গৌৰৱ গগৈ
আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল নগাঁৱৰ ৰিতুস্মিন আৰু ধ্ৰুৱজ্যোতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in