আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল নগাঁৱৰ ৰিতুস্মিন আৰু ধ্ৰুৱজ্যোতি

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল নগাঁৱৰ ৰিতুস্মিন আৰু ধ্ৰুৱজ্যোতি

ডিজিটেল সংবাদ , বঢ়মপুৰঃ আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত নগাঁও জিলাৰ বঢ়মপুৰৰ দুগৰাকী ছাত্ৰই সোণৰ পদক অৰ্জন কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । "জাপান কাৰাটে ডু চুডুকন-ভাৰত"ৰ দ্বাৰা যোৱা ৭ আৰু ৮ জানুৱাৰীত নতুন দিল্লীৰ টালকাতৰা ইন্দ'ৰ ষ্টেডিয়ামত আয়োজিত "চাওথ এছিয়া কাৰাটে চেম্পিয়নশ্বিপ-২০২৪ ত " নগাঁও জিলাৰ বঢ়মপুৰৰ বৰটোপ অঞ্চলৰ ৰিতুস্মিন গৌতম আৰু মাজপোটনি অঞ্চলৰ ধ্ৰুৱজ্যোতি শইকীয়াই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

ইয়াৰে টুটুমণি শৰ্মা আৰু বনশ্ৰী দেৱীৰ জ্যেষ্ঠ পুত্ৰ ৰিতুস্মিন গৌতমে ১৪ বছৰৰ উৰ্ধৰ শাখাত আৰু ইফালে বিপুল শইকীয়া আৰু চিমি বৰা শইকীয়াৰ একমাত্ৰ কণমানি পুত্ৰ ধ্ৰুৱজ্যোতি শইকীয়াই ৬ বছৰৰ অনুৰ্ধ শাখাত এই বিজয়ী পদক লাভ কৰিছে ।

দুয়োগৰাকী ছাত্ৰই বঢ়মপুৰস্থিত জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ অষ্টম আৰু প্ৰথম শ্ৰেণীত অধ্যয়নৰত । দুয়োগৰাকী ছাত্ৰৰ এই সফলতাৰ খবৰ পাই আজি বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে তেওঁলোকক বিদ্যালয়ৰ ফালৰ পৰা উষ্ম আদৰণি জনোৱা হয় ।

জানিব পৰা মতে , দুয়োগৰাকী ছাত্ৰই আৰ্থিক অনাটনৰ মাজতো এনেদৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনাৰ বাবে স্থানীয় ৰাইজ উৎফুল্লিত হোৱাৰ লগতে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক আৰ্থিকভাৱে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে , দুয়োগৰাকী ছাত্ৰই অ'ছলোৰ নৰৱে'ত অহা ২৫ জুনৰ পৰা ৩১ জুনলৈ অনুষ্ঠিত হ'বলগীয়া "টাইকিয়ান চেল্ফ ডিফেন্স ট্রেনিং কেম্প"ত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে বুলিও জানিব পৰা গৈছে ।

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল নগাঁৱৰ ৰিতুস্মিন আৰু ধ্ৰুৱজ্যোতি
মধ্য ইংলেণ্ডৰ ল্যেষ্টাৰ চহৰত উলহ-মালহেৰে ভোগালী বিহু আৰু ৭৪তম শিল্পী দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in