সাংসদ পুঁজিৰ পৰা চাহ বাগিচাৰ ৰাইজলৈ এম্বুলেন্স প্ৰদান গৌৰৱ গগৈৰ

সাংসদ পুঁজিৰ পৰা চাহ বাগিচাৰ ৰাইজলৈ এম্বুলেন্স প্ৰদান গৌৰৱ গগৈৰ

author-image
Asomiya Pratidin
New Update
সাংসদ পুঁজিৰ পৰা চাহ বাগিচাৰ ৰাইজলৈ এম্বুলেন্স প্ৰদান গৌৰৱ গগৈৰ

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলাৰ বেতিয়নী চাহ বাগিচাত শনিবাৰৰ নিশা সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ সাংসদ পূঁজিৰ পৰা বাগিচাখনলৈ এখন এম্বুলেন্স প্ৰদান কৰে। পৰবৰ্তী সময়ত তেওঁৰ সংবাদ মাধ্যমৰ সন্মুখত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে গোলাঘাট জিলাত সাংসদ উন্নয়ন পূঁজিৰ পৰা তেওঁ যিমান এম্বুলেন্স দিবলৈ সক্ষম হৈছে সিমান বিজেপি দলেই দিব পৰা নাই ৷ হিমন্ত বিশ্ব চৰকাৰে বিচাৰে অসমৰ ৰাইজ কেৱল হিতাধিকাৰী হৈ থাকক ৷

Advertisment

ভূপেন বৰাই দিয়া মন্তব্য সন্দৰ্ভত তেওঁ কয় “ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁৰ ৰায় AICC ত জনাব পাৰে কিন্তু অন্তিমটো ৰায় AICC য়ে দিব সেয়ে আমি সেই অন্তিমটো ৰায়লৈকে ধৈৰ্য্য ধৰি থাকিব লাগিব ৷

আজমল আৰু হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি তেওঁ কয়, আজমল আৰু হিমন্ত বিশ্ব শৰ্মা ককাই-ভাই । আজমলে হিন্দু সকলক লৈ বিতৰ্কিত মন্তব্য কৰে আৰু হিমন্ত বিশ্বই সংখ্যালঘু সকলক লৈ বিতৰ্কিত মন্তব্য কৰে ৷ দুইজন ককাই-ভাই ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকিবলৈকে আপত্তিজন কথা কৈ মানুহৰ মাজত ঘৃণা ভাৱ আৰু হিংসাৰ বাতাবৰণ সৃষ্টি কৰে বুলিও তেওঁ মন্তব্য কৰে। এই ধৰণৰ ৰাজনীতি বেছি দিন নচলে বুলিও কলে গৌৰৱ গগৈয়ে ৷

যিসময়ত সকলোৰে অৰ্থনৈতিক অৱস্থা ভাল নহয় তেনে সময়তে ৰাজ্যৰ এটা ৰাজনৈতিক পৰিয়ালে ঠায়ে ঠায়ে বাগান কিনিছে,ৰিজৰ্ট কিনিছে বুলি আওপকীয়াকৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালক সমালোচনা ৷ অৰ্থনৈতিক বেয়া অৱস্থাৰ সময়ত কেনেদৰে দিছপুৰৰ বিশেষ পৰিয়ালটো ইমান ধনী হৈছে তাৰ ফৰ্মুলাটো ৰাজ্যবাসী তথা যুৱকসকলক শিকাই দিবলৈ আহ্বান গৌৰৱ গগৈৰ ৷

বাগিচাৰ লোকসকলক ৰাজনৈতিকভাৱে দুৰ্বল কৰিছে বিজেপিয়ে । ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছত থাকোঁতে বাগিচাৰ লোকৰ বাবে মাত মাতিছিল কিন্তু বিজেপিলৈ গৈ নিমাত হৈ গ’ল বুলি মন্তব্য গগৈৰ।

Also Read: আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত কঠিয়াতলীৰ চহা কৃষক