আদালতত হাজিৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াসহ ৪জন সতীৰ্থ

প্ৰয়োজনত চিৰদিনৰ কাৰণে কাৰাবাস খাটিব, বুকুত গুলী পাতি ল'ব কিন্তু গণতান্ত্রিক দেশ এখনত নিজৰ বাক্ স্বাধীনতা আৰু প্ৰতিবাদ কৰাৰ অধিকাৰ খৰ্ব কৰি হিটলাৰী শাসন চলাব বিচৰাসকলক উৎসাহ নোযোগাই বুলি কঠোৰ সমালোচনা কৰে।
আদালতত হাজিৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াসহ ৪জন সতীৰ্থ

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলা দণ্ডাধীশে জাৰি কৰা কাৰণ দৰ্শোৱা জাননীৰ ভিত্তিত সোমবাৰে দণ্ডাধীশৰ আদালতত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াসহ ৪জন সতীৰ্থই হাজিৰ হয়। অৱশ্যে দণ্ডাধীশৰ আদালতত হাজিৰ হ'লেও আজিও তেঁওলোকে আৰক্ষীয়ে দিয়া চুক্তি পত্ৰত স্বাক্ষৰ কৰিবলৈ অমান্তি হয়।

আদালতে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰাৰ পাছতে কৃষক নেতা কেইজনক পুনৰ ২৯ জানুৱাৰীত আদালত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, যোৱা ২০ জানুৱাৰীত কৃষক নেতা বিদ্যুৎ শইকীয়াক কোনো কাৰণ নোহোৱাকৈ পুৱতি নিশা ঘৰৰ পৰা আৰক্ষীয়ে উঠাই নিছিল।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক পিন্টু গগৈ, কৃষক মুক্তি গোলাঘাট জিলাৰ সহকাৰী সম্পাদক হীৰকজ্যোতি শইকীয়া, ছাত্ৰ মুক্তি গোলাঘাট জিলাৰ কাৰ্যকৰী সভাপতি অৰিন্দম তামুলী, সাধাৰণ সম্পাদক ৰূপম গগৈয়ে বিদ্যুৎ শইকীয়াৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল।

ঘটনা ৰাজহুৱা হোৱাৰ পৰৱৰ্তী সময়ত ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ ফলত নিশা লৈ নেতা কেইজনক এৰি দিবলৈ পুলিচ প্ৰশাসন বাধ্য হৈছিল। থানাত আবদ্ধ কৰি ৰখা কৃষক মুক্তিৰ আটকাধীন নেতাকেইজনক বলপূৰ্বকভাৱে চুক্তিত চহী কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল।

খবৰ অনুসৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত যোৱা ২০ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহৰ সমুখত কা আইন নামানো, অসমৰ যুৱকক আলফাৰ সন্দেহত এনকাউণ্টাৰ কৰা বন্ধ কৰাৰ দাবী, শিলসাঁকোৰ পৰা খিলঞ্জীয়াক উচ্ছেদ কৰি সেই মাটিত অমিত শ্বাহ আৰু অশোক সিংঘালৰ পুতেকক অট্টালিকা বনাবলৈ অনুমতি প্ৰদান কোনো পধ্যেই মানি লোৱা নহয় বিষয়ত ভুক্তভোগীৰ সৈতে উপস্থিত থাকি জবাবদিহি কৰাৰ পৰিকল্পনাৰ খবৰ লাভ কৰি বিদ্যুৎ শইকীয়াৰ লগতে সংগঠনৰ অন্য নেতাসকলক আটক কৰি থানাত আৱদ্ধ কৰি মানসিক হেঁচা প্ৰয়োগ কৰে।

ৰাইজৰ প্ৰতিবাদত এৰি দিবলৈ বাধ্য হোৱা নেতাজনৰ ঘৰত পুনৰ ২১ জানুৱাৰীত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ ভৱিষ্যতে আন্দোলন নকৰাৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে । ইফালে নিজৰ সিদ্ধান্তত অটল,অলৰ-অচৰ নেতাগৰাকী। তেওঁ প্ৰয়োজনত চিৰদিনৰ কাৰণে কাৰাবাস খাটিব, বুকুত গুলী পাতি ল'ব কিন্তু গণতান্ত্রিক দেশ এখনত নিজৰ বাক্ স্বাধীনতা আৰু প্ৰতিবাদ কৰাৰ অধিকাৰ খৰ্ব কৰি হিটলাৰী শাসন চলাব বিচৰাসকলক উৎসাহ নোযোগাই বুলি কঠোৰ সমালোচনা কৰে।

কৃষক নেতাগৰাকীয়ে আজি দণ্ডাধীশৰ কাৰ্যালয়ত সতীৰ্থসহ উপস্থিত হৈ পূৰ্বৰ স্থিতি অটল থাকি চুক্তিত কোনো কাৰণ, কোনো পৰিস্থিতিত চহী নিদিয়াৰ স্থিতি বাহাল ৰাখে । বিদ্যুৎ শইকীয়াৰ ভাষ্য- 'ৰাইজৰ সপক্ষে কাম কৰক, আমি আন্দোলন নকৰো কিন্তু ৰাইজৰ বিপক্ষে যাব, আমি চুপ বহি নাথাকো, প্ৰতিবাদ কৰিমেই। সামাজিক দায়িত্ব লৈ ৰাইজক ঠগি শাসকৰ আঙুলিৰ ঠাঁচত নচা মানুহ আমি নহয় ।' বিদ্যুৎ শইকীয়াৰ স্থিতিক সন্মান জনাই চাৰিওজন বিষয়ববীয়াই চুক্তিত চহী নকৰে বুলি স্পষ্ট কৰি দিয়ে ।

আদালতত হাজিৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াসহ ৪জন সতীৰ্থ
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ আনন্দত বটদ্ৰৱাত শোভাযাত্ৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in