কোকৰাঝাৰত প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বোৱাৰীৰ আত্মহত্যা...

কোকৰাঝাৰত প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বোৱাৰীৰ আত্মহত্যা...

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা...

কোকৰাঝাৰত প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বোৱাৰীৰ আত্মহত্যা...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰত আজি সন্ধিয়া এগৰাকী বোৱাৰীৰ আত্মহত্যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত বাতৰিমতে চহৰখনৰ এম আৰ এম ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমৰ সমীপৰ নিৱাসী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী মানিকচান্দ দাগাৰ বোৱাৰী তথা মনীষ দাগাৰ পত্নী নিশা দাগাই আজি সন্ধিয়া ছয়মান বজাত ডিঙিত দোপাট্টাৰে চিপজৰী লগাই আত্মহত্যা কৰে ৷

Advertisment

উল্লেখ্য যে নিশা দাগাই আজি বিয়লি নিজ শোৱনি কোঠাৰ দুৱাৰ বন্ধ কৰে। বহুসময় ধৰি দুৱাৰ বন্ধ থকাত পৰিয়ালৰ লোকে দুৱাৰত ঢকিয়াই মাতিবলৈ ধৰে যদিও ভিতৰৰ পৰা কোনো শব্দ নোহোৱাত পৰিয়ালৰ লোকে আতংকিত হৈ দুৱাৰ ভাঙি কোঠাত প্ৰৱেশ কৰি ফেনত চিপজৰী লগোৱা অৱস্থাত নিশা দাগাক প্ৰত্যক্ষ কৰে।

লগে লগে ওলমি থকা অৱস্থাৰ পৰা নমাই আনি ওচৰৰ নাৰ্ছিং হোমলৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ নগাওঁ জিলাৰ চাপৰমুখৰ ছোৱালী নিশা ১৫ বছৰ পূৰ্বে মনীষৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ৷

মৃত্যুৰ পূৰ্বে এটি ১০ বছৰীয়া আৰু এটি ৩ বছৰীয়া সন্তান এৰি থৈ যায় ৷ উল্লেখ্য যে আত্মহত্যা কৰাৰ পূৰ্বে পৰিয়ালৰ লোকক আটাইকে বিয়লিৰ চাহ খুৱাই নিজৰ শোৱনী কোঠাত সোমাৱাইছিল নিশা দাগা ৷ কি কাৰণত নিশা দাগাই আত্মহত্যা কৰিলে সেয়া অদ্যপি জানিব পৰা হোৱা নাই ৷

Also Read: মহানগৰীত বাহনৰ খুন্দাত আহত নাহৰফুটুকী...

কোকৰাঝাৰ